পবিতৰা অভয়াৰণ্যত আজিৰে পৰা ২০২৫-২৬ পর্যটন বৰ্ষৰ বাবে হাতী ছাফাৰী আৰম্ভ হৈছে। অভয়াৰণ্যখনত যোৱা ২৩ অক্টোবৰত পৰ্যটকৰ বাবে জীপ ছাফাৰী মুকলি কৰা হৈছিল। এটা খৰ্গযুক্ত গঁড়ৰ বিচৰণভূমি পবিতৰা অভয়াৰণ্য এইবাৰ কিছু পলমকৈ আৰম্ভ কৰা হৈছে। অভয়াৰণ্যখনৰ বিধবস্ত বাট-পথ মেৰামতিৰ পাছতহে পৰ্যটকৰ বাবে কৰ্তৃপক্ষই জীপ ছাফাৰী মুকলি কৰি দিছে। উল্লেখযোগ্য যে ২০২৪-২৫ পর্যটন বৰ্ষত ৩৪ হাজাৰ ৩৯০ গৰাকী দেশী-বিদেশী পৰ্যটকৰ পবিতৰালৈ আগমন ঘটিছিল। এই বৰ্ষত পৰ্যটকৰ পৰা ৬১ লাখ ২৬ হাজাৰ ৪২৫ টকাৰ ৰাজহ সংগ্ৰহ কৰা হৈছিল বুলি অভয়াৰণ্য কৰ্তৃপক্ষই জানিবলৈ দিয়ে।
Site Admin | November 12, 2025 8:51 PM | Pobitora Wildlife
পবিতৰা অভয়াৰণ্যত আজিৰে পৰা ২০২৫-২৬ পর্যটন বৰ্ষৰ বাবে হাতী ছাফাৰী আৰম্ভ