দেশৰ বিভিন্ন অংশত কালিৰে পৰা ৪ দিনীয়া ষট পূজা অনুষ্ঠিত হৈছে। সূৰ্য দেৱতাৰ নামত উৎসৰ্গিত এই উৎসৱ প্ৰকৃতি আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাৰ আৰাধনাৰ প্ৰতীক। ভক্তসকলে পূজাৰ প্ৰথম দিনা পবিত্ৰ ব্ৰত ৰখাৰ সংকল্পৰে পবিত্ৰ স্নান সম্পন্ন কৰে আৰু পূজা আৰ্চনাৰ অন্তত আৰৱা চাউলৰ আহাৰ আৰু জাতিলাও চবজী গ্ৰহণ কৰে। প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ষট পূজা উপলক্ষে দেশ-বিদেশৰ ভক্তসকলক ওলগ জনাইছে। শ্রীমোদীয়ে কালি সামাজিক মাধ্যমৰ এটা বাৰ্তাৰ জৰিয়তে ব্ৰতত থকা সকলো লোকৰ অভূতপূর্ব ভক্তিৰ প্ৰতি প্ৰণিপাত জনায় আৰু এই ৪ দিনীয়া উৎসৱৰ সাংস্কৃতিক গুৰুত্বৰ বিষয়ে আলোকপাত কৰে। শ্রীমোদীয়ে কয় যে পবিত্ৰতা আৰু নীতি-নিয়ম পালনৰ দিশৰ পৰা অদ্বিতীয় এই উৎসৱ, সৰলতা আৰু সংযমৰ প্ৰতীক স্বৰূপ। তেওঁ লগতে কয়, যে ষট পূজাৰ ঘাটসমূহৰ দৃশ্যৰাজিয়ে পাৰিবাৰিক আৰু সামাজিক সম্প্রীতি সদ্ভাৱৰ প্ৰেৰণা যোগায়। প্রধানমন্ত্ৰীয়ে লগতে সমাজৰ ওপৰত গভীৰ প্ৰভাৱৰ বিষয়ে আলোকপাত কৰে।
কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে নহায় খায় উপলক্ষে সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত শ্ৰীশ্বাহে কয় যে নহায় খায় প্ৰথাৰে আৰম্ভ হোৱা ষট পূজা পৰম্পৰা, আস্থা আৰু সামাজিক সম্প্ৰীতিৰ উৎসৱ। তেওঁ লগতে সকলোৰে সুখ-সমৃদ্ধিৰ বাবে ষষ্ঠী ময়াৰ ওচৰত প্ৰাৰ্থনা জনায়।
Site Admin | October 26, 2025 11:58 AM | PM Modi Greetings Chhath Puja
পবিত্ৰতা আৰু নীতি-নিয়ম পালনৰ দিশৰ পৰা অদ্বিতীয় ষট পূজা, সৰলতা আৰু সংযমৰ প্ৰতীক স্বৰূপঃ প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদী