December 27, 2024 6:16 PM | Tourist Death

printer

পথ দুৰ্ঘটনাত নিহত বেৰী থমছন নামৰ পর্যটকগৰাকীৰ অন্তিম সংস্কাৰ সম্পন্ন

আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা মটৰ চাইকেলেৰে বিশ্ব ভ্ৰমণলৈ অহাৰ বাটত লামডিঙৰ সমীপত সংঘটিত পথ দুৰ্ঘটনাত নিহত বেৰী থমছন নামৰ মহিলা পর্যটকগৰাকীৰ অন্তিম সংস্কাৰ আজি নগাঁও চিকিৎসা মহাবিদ্যালয়ত সম্পন্ন কৰা হয়। আমাৰ নগাঁৱৰ সংবাদদাতাই জনোৱা মতে মার্কিন নাগৰিকগৰাকীৰ মৃতদেহ আন্তঃৰাষ্ট্ৰীয় নিয়ম অনুযায়ী যোৱা এসপ্তাহ ধৰি চিকিৎ‍সালয়খনত সংৰক্ষণ কৰা হৈছিল। নতুন দিল্লীস্থিত মার্কিন দূতাবাসে বেৰীৰ পৰিয়ালৰ সন্মতিসাপেক্ষে মৃতদেহৰ অন্তিম সংস্কাৰ নগাঁৱতে সম্পন্ন কৰাৰ বাবে অনুমতি দিয়ে আৰু সেই অনুসৰি আজি খ্ৰীষ্টিয় ৰীতি-নীতিৰে তেওঁৰ শৱদেহ সমাধিস্থ কৰা হয়। উল্লেখযোগ্য যে কেইবাখনো দেশ মটৰ চাইকেলেৰে ভ্ৰমণ কৰি ৮ দিন পূৰ্বে লামডিঙৰ পৰা তেজপুৰ অভিমুখে গৈ থকা অৱস্থাত এখন ট্রাকে বেৰীক খুন্দিওৱাৰ ফলত তেওঁৰ মৃত্যু হৈছিল।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।