পথৰুঘাটত ৩ দিনীয়াকৈ অনুষ্ঠিত কৃষক ছহিদ দিৱসৰ আজি দ্বিতীয় দিনত বিভিন্ন কাৰ্যসূচী ৰূপায়ণ

পথৰুঘাটৰ কৃষক ছহিদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদনৰ উদ্দেশ্যে দৰঙত তিনিদিনীয়াকৈ অনুষ্ঠিত কৃষক ছহিদ দিৱসৰ আজি দ্বিতীয় দিনটোত বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। এই কাৰ্যসূচীৰ অংশ হিচাপে কৃষি মেলা উদ্বোধন, কৃষক বিদ্ৰোহ বিষয়ৰ গ্ৰন্থ, স্মৰণিকা, আলোকচিত্ৰ ইত্যাদিৰ প্ৰদৰ্শনী আৰু গ্ৰন্থমেলা মুকলি কৰাৰ লগতে কৃষক ছহিদ প্ৰকল্পত এটা শীততাপ নিয়ন্ত্রিত প্রেক্ষাগৃহ উদ্বোধন কৰা হয়। পুৱাৰ ভাগত পাথৰিঘাটৰ কৃষক ছহিদ বাকৰিত পথৰুঘাটে ৰিঙিয়ায় শীৰ্ষক প্ৰাইজমাণি কুইজ প্রতিযোগিতা অনুষ্ঠিত হয়। আজিৰ দিনটোতেই প্রবীণ লোকশিল্পীসকলৰ সন্মিলন আৰু শিল্পী পেন্সন প্ৰাপকসকলক সম্বৰ্ধনা জনোৱাকে ধৰি আন বিভিন্ন কাৰ্যসূচীও ৰূপায়ণ কৰা হ’ব ।কাইলৈ তৃতীয় তথা অন্তিম দিনটোত পুৱাৰ ভাগত কৃষক ছহিদ সমাধিত শ্রদ্ধাঞ্জলি, ছহিদ তৰ্পণ আৰু সৰ্বধৰ্ম প্ৰাৰ্থনা সভাৰ পাছত দিনৰ চাৰে ১১ বজাত মুকলি সভাৰ আয়োজন কৰা হৈছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকিবলগীয়া এই সভাত কেন্দ্ৰীয় চৰকাৰৰ সাংস্কৃতিক আৰু পৰ্যটন দপ্তৰৰ মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱৰ্ট, বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্য মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটা, ৰাজ্য চৰকাৰৰ কৃষি মন্ত্ৰী অতুল বৰা আৰু দৰং জিলাৰ অভিভাৱক মন্ত্ৰী কেশৱ মহন্তকে ধৰি বহু কেইগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিব। পথৰুঘাটৰ কৃষক বিদ্ৰোহৰ স্মৃতি সুঁৱৰি ডাক বিভাগে প্ৰকাশ কৰা এটা বিশেষ ডাকটিকটো কাইলৈৰ মুকলি সভাতে দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ সাংসদ দিলীপ শ‍ইকীয়াই আনুষ্ঠানিকভাৱে উন্মোচন কৰিব। অনুষ্ঠানৰ অংশ হিচাপে কাইলৈ সাংস্কৃতিক কাৰ্যসূচীৰো আয়োজন কৰা হৈছে বুলি আকাশবাণীৰ দৰঙৰ সংবাদদাতাই জানিবলৈ দিছে। উল্লেখযোগ্য যে ব্ৰিটিছ শাসকে বৰ্ধিত হাৰত অন্যায়ভাৱে মাটিৰ খাজনা আৰোপ কৰাৰ বিৰুদ্ধে নিৰস্ত্ৰ প্ৰতিবাদ কৰিবলৈ গৈ ১৮৯৪ চনৰ ২৮ জানুৱাৰীত দৰং জিলাৰ পথৰুঘাটত ১৪০ গৰাকী কৃষক ছহিদে আৰক্ষীৰ গুলীত প্ৰাণ হেৰুৱাইছিল। এই কৃষক ছহিদসকলৰ স্মৃতিত প্ৰতি বছৰে কৃষক ছহিদ দিৱস পালন কৰি অহা হৈছে।তিনিদিনীয়াকৈ আয়োজিত কৃষক ছহিদ দিৱসৰ প্ৰথম দিনটোৰ কাৰ্যসূচীত কালি ছিপাঝাৰ ব্যাসপাৰা গাঁৱত কৃষক ছহিদ আৰু স্বাধীনতা সংগ্ৰামৰ স্থানীয় মুক্তি যুঁজাৰু পৰিয়ালৰ সদস্যসকলক সম্বৰ্ধনা জনোৱাৰ লগতে অন্তৰংগ আলাপ আৰু ভাৰতৰ স্বাধীনতা আন্দোলনত দৰঙীয়াৰ অৱদান আৰু পথৰুঘাটৰ ৰণ শীৰ্ষক বক্তৃতানুষ্ঠান অনুষ্ঠিত হয়।