পথচাৰীৰ সুবিধার্থে ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ জালুকবাৰীৰ পৰা খানাপাৰা অভিমুখী পথছোৱাৰ পাঁচটা স্থানত ফুটব্রীজ নিৰ্মাণ কৰা হ’ব। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যমত এই কথা সদৰি কৰে। পথচাৰীৰ নিৰাপদ যাত্ৰাৰ বাবে ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ বাইপাছত ১৮ কিলোমিটাৰ পথত ষ্ট্ৰীট লাইটৰ ব্যৱস্থা কৰা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে এই বিশেষ ব্যৱস্থা লৈছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। জালুকবাৰী অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ওচৰত, তেতেলিয়াত, গড়চুক কেন্দ্রীয় লোকনিৰ্মাণ বিভাগৰ কাৰ্যালয়ৰ সমীপত, আন্তঃৰাজ্যিক বাছ আস্থানৰ ৰয়েল গ্ল’বেল ইউনিভাৰ্ছিটীৰ সমীপত আৰু লালমাটি গেমছ ভিলেজৰ ওচৰত এই ফুট ব্রীজসমূহ নিৰ্মাণ কৰা হ’ব। পৰৱৰ্তী বৰ্ষত এইসমূহ ফুট ব্রীজ ৰাইজৰ বাবে মুকলি কৰা হ’ব বুলি সামাজিক মাধ্যমৰ বিশেষ বার্তাত মুখ্যমন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰিছে।
Site Admin | August 6, 2025 1:28 PM | jalukbari to khanapara footbridge
পথচাৰীৰ সুবিধার্থে ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ জালুকবাৰীৰ পৰা খানাপাৰা অভিমুখী পথছোৱাৰ পাঁচটা স্থানত হ’ব ফুটব্রীজ
