পণ্ডিত দীনদয়াল উপাধ্যায়ৰ জন্ম-জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনৰ

উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে আজি পণ্ডিত দীনদয়াল উপাধ্যায়ৰ জন্ম-জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। সামাজিক মাধ্যম যোগে দিয়া এটা বাৰ্তাত উপৰাষ্ট্ৰপতিগৰাকীয়ে কয়, যে পণ্ডিত দীনদয়াল উপাধ্যায়ে অত্যন্ত সৰল আৰু গভীৰ চিন্তাৰে জীৱন অতিবাহিত কৰিছিল। মৃত্যুৰ সময়ত তেওঁৰ জেপত মাত্র পাঁচ টকাহে আছিল। তেওঁ সংস্কৃতি, কৰুণা আৰু মানৱতাবাদেৰে আৱেষ্টিত এখন ভাৰতৰ কল্পনা কৰিছিল। তেওঁ ভাৰতৰ এজন প্ৰকৃত সেৱক আছিল। উপাধ্যায়ক স্মৰণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, যে ভাৰত মাতৃৰ তেওঁ এখন মহান পুত্ৰ তথা মানৱতাবাদৰ পৃষ্ঠপোষক আছিল। শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি সামাজিক মাধ্যমযোগে প্ৰদান কৰা এটা বাৰ্তাত শ্ৰী মোদীয়ে কয়, যে তেওঁৰ জাতীয়তাবাদী মনোভাৱে দেশখনক সমৃদ্ধিৰ দিশত অগ্ৰসৰ কৰিলে। কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহ আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি তথা কেন্দ্রীয় মন্ত্রী জে পি নাড্ডাইও নতুন দিল্লীত নেতাগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।