বিকশিত ভাৰত মাথো এটা সপোনেই নহয় বৰং জ্ঞান অর্থব্যৱস্থা চালিত নিশ্চিত লক্ষ্য বুলি উপৰাষ্ট্ৰপতি জগদীপ ধনখড়ে প্রকাশ কৰিছে। পণ্ডিচেৰী বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থী, অধ্যাপক আৰু কৰ্মচাৰীসকলৰ সৈতে মত বিনিময় কৰি শ্ৰীধনখড়ে আজি এইদৰে মন্তব্য কৰে। তেওঁ কয় যে প্রধান অংশীদাৰ হিচাপে দেশক উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত শিক্ষাৰ্থী আৰু যুৱ প্ৰজন্মৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। শিক্ষাৰ গুৰুত্বৰ বিষয়ে আলোকপাত কৰি উপৰাষ্ট্ৰপতিগৰাকীয়ে কয়, যে শিক্ষাই সকলো ধৰণৰ অসমানতা দূৰ কৰি সমতা স্থাপন কৰে। তেওঁ অৱশ্যে শিক্ষাৰ ব্যৱসায়কৰণৰ বিৰুদ্ধে সকিয়াই দিয়ে। তেওঁ লগতে ভাৰতৰ পৰম্পৰাগত গুৰুকুল ব্যৱস্থা নিহিত প্ৰমূল্যৰাজিৰ প্ৰতি ঘুৰি যাবলৈ আহ্বান জনায়। ভাৰতৰ ষ্টার্টআপ অনুকুল তন্ত্ৰৰ বিষয়ে উল্লেখ কৰি শ্ৰীধনখড়ে কয় যে ইউনিকন খণ্ডৰ অগ্ৰণী হবলৈ পাই ভাৰত গৌৰবান্বিত। সামুদ্রিক অর্থব্যৱস্থাৰ পৰা মহাকাশ অৰ্থব্যৱস্থা আৰু উদ্ভাৱনৰ পৰা গৱেষণালৈ দেশৰ যুৱ প্ৰজন্মৰ বাবে প্ৰতিদিনে ব্যাপক সুযোগ আৰু সম্ভাৱনাৰ সৃষ্টি হৈছে বুলি শ্ৰীধনখড়ে মন্তব্য কৰে। উপৰাষ্ট্ৰপতিগৰাকীয়ে লগতে যুৱ প্ৰজন্মক নতুন উদ্যম আৰু ষ্টার্টআপ প্ৰতিষ্ঠান আৰম্ভ কৰিবলৈ উৎসাহিত কৰা চৰকাৰৰ ইতিবাচক শাসন আৰু সমর্থনৰ নীতিৰ শলাগ লয়। তেওঁ শিক্ষাৰ্থীসকলক এনে সুযোগৰ লাভ গ্ৰহণ কৰিবলৈ আহ্বান জনায় ৷ শ্ৰী ধনখড়ে ৰাষ্ট্ৰীয় শিক্ষানীতিক বিশ্বৰ সৰ্বশ্ৰেষ্ঠ বুলি অভিহিত কৰে আৰু ইয়াৰ স্থিতিস্থাপক গুণৰ প্ৰশংসা কৰে। তেওঁ কয় যে এই নতুন শিক্ষানীতিয়ে শিক্ষার্থীসকলক বিভিন্ন পাঠ্যক্ৰমৰ অন্বেষণ কৰাৰ লগতে নিজৰ প্ৰতিভা, সামৰ্থ আৰু সময়ৰ সদ্ব্যৱহাৰৰ সুযোগ প্ৰদান কৰে। অনুষ্ঠানত পুডুচেৰীৰ উপৰাজ্যপাল কে কৈলাশ নাথন, মুখ্যমন্ত্রগী এম. ৰংগাস্বামী, বিধানসভাৰ অধ্যক্ষ আৰ. চেল্ভম আৰু গৃহমন্ত্রী এ. নমশ্বিৱায়ম প্ৰমুখ্যে ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
Site Admin | June 17, 2025 7:38 PM | VP in Pandicherry
পণ্ডিচেৰী বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থী, অধ্যাপক, কৰ্মচাৰীৰে উপৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰ মত বিনিময়