ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

পঞ্জাৱৰ লুধিয়ানা আৰু জলন্ধৰ জিলাত সংঘটিত দুটা পৃথক দুৰ্ঘটনাত ৯ জন লোকৰ মৃত্যু

পঞ্জাৱৰ লুধিয়ানা আৰু জলন্ধৰ জিলাত যোৱা নিশা সংঘটিত দুটা পৃথক দুৰ্ঘটনাত ৯ জন লোকৰ মৃত্যু হয়। অৱশ্যে ১৯ জন লোকক নিৰাপদে উদ্ধাৰ কৰা হয়।
প্রথমটো ঘটনাত মনকোৱাল গাঁৱৰ পৰা ২৯ জন তীর্থযাত্রী কঢ়িয়াই অনা এখন বাহন লুধিয়ানাৰ ছিৰহিন্দ খালত বাগৰি পৰাৰ ফলত দুটি শিশু আৰু তিনিগৰাকী মহিলাসহ ৬ জন লোকৰ মৃত্যু হয়।বাহনখনত থকা ১৯জনক উদ্ধাৰ কৰা হৈছে যদিও ৪জন লোকৰ সন্ধান পোৱা হোৱা নাই। লুধিয়ানাৰ উপ আয়ুক্ত হিমাংশু জৈনে এই কথা প্ৰকাশ কৰি সন্ধানহীন সকলৰ উদ্ধাৰৰ বাবে অভিযান চলি আছে বুলি উল্লেখ কৰে। আন এটা ঘটনাত জলন্ধৰৰ স্থানীয় অসামৰিক চিকিৎসালয়ত অক্সিজেন প্লাণ্টৰ কাৰিকৰী বিজুতিৰ ফলত তাত থকা ৫ জন ৰোগীৰ ভিতৰত তিনিজনৰ মৃত্যু হয় আৰু এজনৰ অৱস্থা গুৰুতৰ বুলি জানিব পৰা গৈছে। ৰাজ্যখনৰ স্বাস্থ্য মন্ত্ৰী বলবীৰ সিঙে ঘটনাৰ তদন্তৰ নিৰ্দেশ দিয়াৰ লগতে তেওঁ চিকিৎসালয়খন ভ্ৰমণ কৰাৰ ২৪ ঘণ্টাৰ ভিতৰত প্ৰতিবেদন বিচাৰিছে৷

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।