ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

পঞ্জাৱত প্ৰতিবাদৰত কৃষকসকলৰ দিল্লীলৈ পদযাত্ৰা স্থগিত ৰাখে

পঞ্জাৱত প্ৰতিবাদৰত কৃষকসকলে আজি তেওঁলোকৰ দিল্লীলৈ পদযাত্ৰাৰ কাৰ্যসূচী দিনটোৰ বাবে স্থগিত ৰাখে। কৃষক নেতাসকলে এখন বৈঠকৰ অন্তত তেওঁলোকৰ পৰৱৰ্তী কাৰ্যসূচী সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰা হ’ব বুলি সদৰি কৰে। জলন্ধৰৰ সংবাদদাতাই প্ৰকাশ কৰা অনুসৰি এদল কৃষকে আজি বিয়লি দিল্লীলৈ পদযাত্ৰা কৰাৰ সময়ত হাৰিয়ানা আৰক্ষীয়ে সন্তুৰ সীমান্ত অঞ্চলত তেওঁলোকক বাধা দিয়ে। দিল্লী অভিমুখে অগ্ৰসৰ হোৱাৰ বাবে কৃষকসকলৰ কোনো অনুমতি পত্ৰ নথকাৰ পৰিপ্ৰেক্ষিতত আৰক্ষীয়ে এই পদক্ষেপ গ্ৰহণ কৰে ৷