ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

February 7, 2025 11:21 AM | Panchayat Election

printer

পঞ্চায়ত নিৰ্বাচনৰ সকলো কাম-কাজ অহা এপ্ৰিল মাহৰ ভিতৰত সম্পূৰ্ণ হ’ব : মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস

পঞ্চায়ত নিৰ্বাচনৰ সকলো কাম-কাজ অহা এপ্ৰিল মাহৰ ভিতৰত সম্পূৰ্ণ হ’ব। ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্রী ৰনজিত কুমাৰ দাসে কালি বিলাসীপাৰাত এই কথা প্ৰকাশ কৰিছে। ভাৰতীয় জনতা পাৰ্টীৰ জিলা সমিতিয়ে আয়োজন কৰা বিশেষ সাংগঠনিক আৰু ভোগালীৰ প্ৰীতি ভোজ অনুষ্ঠানত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে লগতে কয় যে আসন্ন পঞ্চায়ত নির্বাচন ৰাজনীতিমুক্ত কৰিবলৈ সিদ্ধান্ত লোৱা হৈছে। বিলাসীপাৰা আৰু গোলকগঞ্জ বিধানসভা সমষ্টিত সাংগঠনিক স্থিতি মজবুত কৰিবলৈ প্রচেষ্টা অব্যাহত ৰখা বুলি উল্লেখ কৰি শ্ৰীদাসে কয় যে পঞ্চায়ত নিৰ্বাচনত বিজেপি সমর্থিত সকলো আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদৰ প্ৰাৰ্থীক জয়ী কৰাবলৈ ৰণকৌশল প্ৰস্তুত কৰা হৈছে। ইপিনে, ধুবুৰী জিলাক চৰকাৰে বিশেষ গুৰুত্ব দিয়া বুলি উল্লেখ কৰি জিলাখনলৈ নিৰ্বাচনৰ পূৰ্বে বিভিন্ন উন্নয়নমূলক আঁচনি ৰূপায়ণৰ বাবে ৩০ কোটি টকা আবণ্টন দিয়াৰ কথাও মন্ত্ৰীগৰাকীয়ে ঘোষণা