◊ ৰাজ্যত আসন্ন পঞ্চায়ত নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলে প্ৰচাৰ অভিযান তীব্ৰ কৰি তুলিছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি কেইবাখনো প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। বিজেপি তথা মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ সমৰ্থনত মুখ্যমন্ত্ৰীগৰাকীয়ে টীয়কৰ ৰজাবাৰী খেলপথাৰ আৰু সৰুপথাৰৰ ধোন্দাচাম ক্রীড়া সন্থা খেলপথাৰত দুখনকৈ নিৰ্বাচনী সভাত ভাগ লয়। সৰুপথাৰত নিৰ্বাচনী সভাত ভাগ লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে বিৰোধীক তীব্র সমালোচনা কৰাৰ লগতে এইবাৰ পঞ্চায়ত নিৰ্বাচনত এন ডি এ সমর্থিত সকলো প্ৰাৰ্থীয়ে জয়লাভ কৰিব বুলি মন্তব্য কৰে। একেখন সভাতে মুখ্যমন্ত্রী শর্মাই কংগ্ৰেছ সাংসদ গৌৰৱ গগৈকো তীক্ষ্ণ ভাষাৰে সমালোচনা কৰি সাংসদগৰাকীয়ে শত্ৰুৰ ৰাষ্ট্ৰৰ সৈতে সম্পৰ্ক থকা বুলি মন্তব্য কৰে।মুখ্যমন্ত্ৰী শৰ্মাই আজি মাজুলীৰ ডেকা শেনছোৱাত ভাৰতীয় জনতা পাৰ্টি মিত্ৰজোঁটৰ সমৰ্থিত প্ৰাৰ্থীসকলৰ প্ৰচাৰৰ উদ্দেশ্যেৰে আন এখন প্ৰচাৰ সভাত ভাগ লোৱাৰ কথা আছিল যদিও প্ৰতিকূল বতৰৰ বাবে মাজুলীত উপস্থিত হ’ব নোৱাৰিলে। মুখ্যমন্ত্ৰীগৰাকীয়ে ফোনযোগে উপস্থিত জনতাক সম্বোধন কৰি যোৰহাট-মাজুলী দলঙৰ নিবিদা আহ্বানৰ প্ৰক্ৰিয়া মে’ মাহৰ ভিতৰতে সম্পূৰ্ণ হ’ব বুলি প্ৰকাশ কৰে। ৰন্ধন গেছ চিলিণ্ডাৰৰ দাম কেইমাহমানৰ ভিতৰতে ২০০ৰ পৰা ৩০০ টকা হ্ৰাস কৰিব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে।বৰছলা বিধানসভা সমষ্টিৰ অন্তৰ্গত পঞ্চায়তৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীসকলৰ প্ৰচাৰৰ বাবে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই বছলাত এখন নির্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। সভাপতিগৰাকীৰ সৈতে শোণিতপুৰ লোকসভা সমষ্টিৰ সাংসদ ৰঞ্জীত দত্ত আৰু বৰছলা সমষ্টিৰ বিধায়ক গণেশ লিম্বুয়েও প্ৰচাৰ সভাত ভাগ লয়।
Site Admin | April 23, 2025 6:58 PM | Akashvani Guwahati | Akashvani News | Panchyat election
পঞ্চায়ত নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলৰ প্ৰচাৰ অভিযান অব্যাহত
