ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

পঞ্চায়ত নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলৰ প্ৰচাৰ অভিযান অব্যাহত

● ৰাজ্যত অহা ২ আৰু ৭ মে’ত হ’বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলৰ প্ৰচাৰ অভিযান অব্যাহত আছে। বিভিন্ন ৰাজনৈতিক দলে ভোটাৰক আকৰ্ষণ কৰাৰ উদ্দেশ্যে ঠায়ে ঠায়ে নির্বাচনী সভা আদিৰ আয়োজন কৰি আহিছে। শাসক দলৰ হৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শ‍ইকীয়া, কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা সৰ্বানন্দ সোণোৱাল, অগপৰ সভাপতি অতুল বৰাকে ধৰি বিভিন্নজনে নিৰ্বাচনী প্ৰচাৰ চলাইছে।

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি ধেমাজি আৰু তিনিচুকীয়া জিলাত পঞ্চায়ত নিৰ্বাচনৰ বাবে মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ অভিযানত অংশ লয়। মুখ্যমন্ত্ৰীগৰাকীয়ে আজি লখিমপুৰ আৰু শিৱসাগৰত মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব। নির্বাচনী প্ৰচাৰৰ বাবে এখন বিশেষ হেলিকপ্টাৰৰ ব্যৱস্থা কৰা হৈছে। ইপিনে বৰাকত দুদিন প্ৰচাৰ চলোৱাৰ পাছত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শ‍ইকীয়াই আজি গোলাঘাটত দলীয় প্ৰাৰ্থীৰ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰিব কাইলৈ শ্ৰীশ‍ইকীয়াই শোণিতপুৰ আৰু গহপুৰত নির্বাচনী প্ৰচাৰ চলাব। একেদৰে কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা সৰ্বানন্দ সোণোৱালে কাইলৈ শদিয়া, লখিমপুৰ আৰু জোনাইত প্ৰচাৰ চলাব।
প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কালি বিশ্বনাথ জিলাত কেইবাখনো নির্বাচনী সভাত অংশগ্রহণ কৰি দলৰ প্ৰাৰ্থীসকলৰ হৈ প্ৰচাৰ চলায়।
কামৰূপ জিলাৰ বিভিন্ন স্থানতো শাসকীয় বিজেপি-অগপ আৰু ৰাভা হাছং যৌথ সংগ্রাম সমিতিয়ে একেলগে নির্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে। কংগ্ৰেছ আৰু তৃণমূল কংগ্ৰেছেও নিজ নিজ দলৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাইছে। কমলপুৰ বিধানসভা সমষ্টিৰ বিজেপিৰ বিধায়ক দিগন্ত কলিতাই দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলায় আছে। পলাশবাৰী বিধানসভা সমষ্টিৰ বিজেপিৰ বিধায়ক হেমাংগ ঠাকুৰীয়াইও বিভিন্ন স্থানত নিজৰ দলৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ অব্যাহত ৰাখিছে। হাজো-শুৱালকুছি বিধানসভা সমষ্টিত তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীসকলেও ঘৰে ঘৰে গৈ ভোটাৰক আকৰ্ষণৰ চেষ্টা চলাইছে। একেদৰে চমৰীয়া বিধানসভা সমষ্টি আৰু বকো-ছয়গাঁও সমষ্টিত কংগ্ৰেছ দলে কেইবাটাও নির্বাচনী কার্যালয় মুকলি কৰি দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাইছে। মানকাচৰতো কংগ্ৰেছ, ইউ আই ডি এফ, অগপ, বিজেপিয়ে দলীয় প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই আছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।