পঞ্চায়ত নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ নিৰ্বাচনী প্ৰচাৰ অব্যাহত

● অহা ২ আৰু ৭ মে’ত হ’বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলে প্ৰচাৰ অভিযান তীব্র কৰি তুলিছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি ধেমাজি জিলাত পঞ্চায়ত নিৰ্বাচনৰ বাবে মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ অভিযানত অংশ ল’ব। জিলাখনৰ চিলাপথাৰৰ অকাজান হাইস্কুল খেলপথাৰত আয়োজিত নির্বাচনী সভাত মুখ্যমন্ত্ৰীয়ে প্ৰচাৰ চলাব। উল্লেখযোগ্য যে, জিলাখনৰ ১২খন জিলা পৰিষদ, ৫ খন আঞ্চলিক পৰিষদ আৰু ৬৫ খন গাঁও পঞ্চায়তৰ বাবে অহা ২ মে’ত প্ৰথম পৰ্যায়ৰ ভোটগ্রহণ অনুষ্ঠিত হ’ব। ইতিপূৰ্বে জিলাখনত দলীয় প্ৰাৰ্থীৰ হৈ মন্ত্ৰী ডাঃ ৰণোজ পেগু আৰু পিয়ূষ হাজৰিকাৰ লগতে সাংসদ প্ৰদান বৰুৱাইও প্ৰচাৰ অভিযান চলাইছিল। শ্রীভূমি জিলাতো পঞ্চায়ত নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান অব্যাহত আছে। বিজেপি মিত্ৰজোঁটৰ উপৰি বিৰোধী কংগ্ৰেছ আৰু নিৰ্দলীয় প্রার্থীয়েও ঘৰে ঘৰে গৈ প্ৰচাৰ চলাইছে। কালি জিলাখনৰ টেলীখালৰ পাৰ খেলপথাৰত অনুষ্ঠিত নির্বাচনী সভাত অসম প্রদেশ বিজেপিৰ সভাপতি দিলীপ শ‍ইকীয়াই ভাষণ দিয়ে। পঞ্চায়ত নিৰ্বাচনত বিজেপিয়ে ভাল ফল লাভ কৰিব বুলি আশা প্ৰকাশ কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।