ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

পঞ্চায়ত নিৰ্বাচনৰ প্ৰস্তুতিৰ বাবে শোণিতপুৰ জিলা আয়ুক্তৰ অধ্যক্ষতাত গুৰুত্বপূৰ্ণ বৈঠক

পঞ্চায়ত নিৰ্বাচনৰ প্ৰস্তুতিৰ বাবে আজি শোণিতপুৰৰ তেজপুৰত জিলা আয়ুক্ত অংকুৰ ভড়ালীৰ অধ্যক্ষতাত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। বৈঠকত আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থসহ জিলা উন্নয়ন আযুক্ত, অতিৰিক্ত জিলা আয়ুক্ত, নির্বাচনী বিষয়াৰ লগতে বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। বৈঠকত নিৰ্বাচনী সময়সূচী, মনোনয়ন দাখিলৰ প্ৰক্ৰিয়া, শপতনামা আৰু নিৰ্বাচনী প্রতীক বিতৰণৰ নিয়ম কানুন সন্দৰ্ভত আলোচনা কৰা হয়। আৰক্ষী অধীক্ষকগৰাকীয়ে আচৰণ বিধি মানি চলিবৰ বাবে ৰাজনৈতিক দলসমূহক আহ্বান জনায়। বৈঠকত প্রশাসনে অনুমোদন জনোৱা কৰ্মচাৰীসকলৰ তালিকা, প্ৰচাৰ সামগ্ৰীৰ অনুমোদিত মূল্য আৰু ভোটগ্রহণ কেন্দ্ৰৰ তালিকাও ৰাজনৈতিক দলসমূহক প্ৰদান কৰে। গোলাঘাট জিলা প্রশাসনেও পঞ্চায়ত নির্বাচন সুকলমে পৰিচালনা কৰাৰ বাবে সাজু হৈছে। জিলাখনৰ বিভিন্ন স্থানত থকা মনোনয়ন কেন্দ্ৰসমূহত নির্বাচনী বিষয়াসকল ব্যস্ত হৈ পৰিছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।