ডাউনলোড
মোবাইল এপ

android apple
signal

পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত আজি ১৪ খন জিলাত ভোটগ্রহণ

● পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পর্যায়ত আজি উজনি অসম, উত্তৰ অসম আৰু বৰাক উপত্যকাৰ ১৪ খন জিলাত ভোটগ্রহণ অনুষ্ঠিত হৈছে। তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ, মাজুলী, যোৰহাট, গোলাঘাট, ধেমাজি, লখিমপুৰ, শোণিতপুৰ, বিশ্বনাথ, কাছাৰ, হাইলাকান্দি আৰু শ্ৰীভূমি জিলাত আজি ৭.৩০ বজাৰ পৰা আৰম্ভ হোৱা ভোটগ্রহণ বিয়লি ৪.৩০ বজাত সামৰণি পৰিব। ৰাজ্যিক নির্বাচন আয়োগে দিয়া তথ্য অনুযায়ী এই ১৪ খন জিলাত পঞ্চায়ত নিৰ্বাচনৰ ভোটদাতাৰ সংখ্যা ৮৯ লাখ ৬০ হাজাৰ ৫৭৭। এই জিলাকেইখনত ২১৬ টা জিলা পৰিষদ, ১,১৩৯ টা আঞ্চলিক পঞ্চায়ত আৰু ১১ হাজাৰ ৩৯০ টা গাঁও পঞ্চায়তৰ ৱাৰ্ড আছে।
মাজুলীত ১৯১ টা কেন্দ্ৰত ২০ খন পঞ্চায়তৰ ২০০ টা ৱাৰ্ডৰ বাবে ভোটগ্রহণ কৰা হৈছে। জিলাখনত এইবাৰ মুঠ ভোটদাতাৰ সংখ্যা ১ লাখ ৪২ হাজাৰ ৪২৪। তিনিচুকীয়া জিলাত এহেজাৰ ৭৮ টা ভোটগ্রহণ কেন্দ্ৰত ৮ লাখ ৩১ হাজাৰ ভোটদাতাই ভোটদান কৰিব।
শোণিতপুৰ জিলাত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত সৰ্বমুঠ ৬৮ টা ভোটগ্রহণ কেন্দ্ৰত মহিলা ভোটগ্ৰহণকাৰী বিষয়া নিয়োগ কৰা হৈছে। ঢেকিয়াজুলি বিধানসভা সমষ্টিত ৮টা, বৰছলাত ৯টা, তেজপুৰত ৪১ টা আৰু ৰঙাপৰাত ১০ টা কেন্দ্ৰত মহিলা ভোটগ্ৰহণকাৰী বিষয়া নিয়োগ কৰা হৈছে।
হাইলাকান্দি জিলাত ১৭০ টা ভোটগ্রহণ কেন্দ্ৰ স্পৰ্শকাতৰ বুলি গণ্য কৰা হৈছে। জিলাখনত সৰ্বমুঠ ৬৮৯ টা কেন্দ্ৰত ৪ লাখ ৪৯ হাজাৰ ১৮৮ গৰাকী ভোটদাতাই ভোটদান কৰিব।
গোলাঘাট জিলাত প্রথম পর্যায়ত পাঁচটা বিধানসভা সমষ্টিৰ ২০খন জিলা পৰিষদ, ১০৮খন আঞ্চলিক পঞ্চায়ত আৰু এহেজাৰ ৮০টা ৱাৰ্ডৰ বাবে ভোটগ্ৰহণ আৰম্ভ হৈছে। জিলাখনত স্থাপন কৰা ১,১৬৪টা কেন্দ্ৰত ৭ লাখ ৮৯ হাজাৰ ১২৫ গৰাকী ভোটদাতাই ভোটৰ অধিকাৰ সাব্যস্ত কৰিব। ইয়াৰে ২২৮টা ভোটগ্রহণ কেন্দ্ৰ মহিলা বিষয়াৰ দ্বাৰা পৰিচালিত হৈছে।
শিৱসাগৰ জিলাত বেতবাৰী আঞ্চলিক পঞ্চায়তৰ কংগ্ৰেছৰ দলৰ প্ৰাৰ্থী অচ্যুতানন্দ গগৈৰ আকস্মিক মৃত্যুৰ পৰিপ্ৰেক্ষিতত বেতবাৰী আঞ্চলিক পঞ্চায়ত নিৰ্বাচন স্থগিত ৰখা হৈছে। ফলস্বৰূপে আজি জিলাখনৰ চাৰিখন আঞ্চলিক পঞ্চায়ত, ১২খন জিলা পৰিষদ, ৮২খন গাঁও পঞ্চায়ত আৰু ৮২০টা ৱাৰ্ডৰ বাবে ভোটগ্ৰহণ কৰা হৈছে। ৮৫৮টা কেন্দ্ৰত এই ভোটগ্রহণ অনুষ্ঠিত হৈছে। জিলাখনত দুহেজাৰ ২৯১গৰাকী প্ৰাৰ্থী নিৰ্বাচনত অৱতীৰ্ণ হৈছে। ইয়াৰে ২১৬ গৰাকী আঞ্চলিক পঞ্চায়ত, ৩৭ গৰাকী জিলা পৰিষদ আৰু এহেজাৰ ৩৮ গৰাকী গাঁও পঞ্চায়ত সদস্যপদৰ প্ৰাৰ্থী। জিলাখনত ৫ লাখ ১,১৫১ গৰাকী ভোটদাতা আছে।
চৰাইদেউ জিলাৰ সোণাৰী বিধানসভা সমষ্টিৰ অসম-অৰুণাচল আৰু অসম-নাগালেও সীমান্তৱৰ্তী স্পৰ্শকাতৰ অঞ্চলসমূহত নিৰাপত্তাৰক্ষী নিয়োগ কৰা হৈছে।
ডিব্ৰুগড় জিলাত ৮ লাখ ৭১ হাজাৰ ৯৭৫ গৰাকী ভোটদাতাই পঞ্চায়ত নিৰ্বাচনত ভোটৰ অধিকাৰ সাব্যস্ত কৰিব।
ধেমাজি জিলাতো আজি ৫ লাখ ১০ হাজাৰ ৫৩৭ গৰাকী ভোটদাতাই ৭২৭টা ভোটগ্রহণ কেন্দ্ৰত গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰিব। জিলাখনত ১,৮০৮ গৰাকী প্রার্থীয়ে প্রতিদ্বন্দ্বিতা আগবঢ়াইছে।
বিশ্বনাথ জিলাৰ ৭৪৭টা ভোটকেন্দ্ৰত ৪ লাখ ৭৪ হাজাৰ ৯২৭ গৰাকী ভোটদাতাই ১,৩১২ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব।
ইপিনে, দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন হ’বলগীয়া জিলাসমূহত জিলা প্রশাসনে প্রস্তুতি অব্যাহত ৰখাৰ লগতে ৰাজনৈতিক দলসমূহেও প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। শাসকীয় বিজেপি আৰু অসম গণ পৰিষদৰ লগতে কংগ্ৰেছ তথা আন ৰাজনৈতিক দলসমূহেও প্ৰচাৰ চলাই আছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি হাজো-শুৱালকুছি বিধানসভা সমষ্টিত এন ডি এ মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাব। ড° শৰ্মাই শুৱালকুছিৰ বালিচৰ আৰু বংশৰ চ’কত শুৱালকুছি জিলা পৰিষদৰ এন ডি এ মিত্ৰজোঁটৰ প্ৰাৰ্থী ধীৰাজ মহন্ত আৰু আঞ্চলিক পঞ্চায়তৰ সদস্যপদৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰত ভাগ ল’ব। কালি ধিঙত নির্বাচনী প্ৰচাৰ চলাই ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে বিজেপি আৰু এ আই ইউ ডি এফক তীব্র সমালোচনা কৰে।

অধিক পঢ়ক

সকলো চাওক