ডাউনলোড
মোবাইল এপ

android apple
signal

পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ প্ৰচাৰ অভিযানৰ কাইলৈ সামৰণি

অহা ২ মে’ত হ’বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ প্ৰচাৰ অভিযানৰ কাইলৈ সামৰণি পৰিব। নির্বাচন উপলক্ষে বিভিন্ন ৰাজনৈতিক দলৰ লগতে নিৰ্দলীয় প্ৰাৰ্থীসকলে প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। মুখ্যমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা ড° হিমন্ত বিশ্ব শৰ্মাই আজি কামৰূপ জিলাৰ ৰঙিয়া আৰু দৰঙত নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লয়। দৰং জিলাৰ চিপাঝাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত দিপিলাৰ খটৰা সত্ৰ চৌহদত আয়োজিত এখন সভাত মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যখনৰ সৰ্বাঙ্গীন কল্যানৰ বাবে বিজেপি মিত্রজোটৰ প্ৰাৰ্থী জয়ী কৰাবলৈ জনসাধাৰণক আহ্বান জনায়। এই সভাত ৰাজ্যিক বিজেপিৰ সভাপতি তথা দৰং ওদালগুৰি লোকসভা সমষ্টিৰ সাংসদ দিলিপ শ‍ইকীয়া, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ উপৰি বিজেপি আৰু অসম গণ পৰিষদ দলৰ ভালেসংখ্যক নেতা কর্মীয়ে অংশগ্ৰহণ কৰে।
কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে আজি মাৰ্ঘেৰিটাৰ নগাপথাৰ ৰংগমঞ্চত নিৰ্বাচনী প্ৰচাৰ সভাত ভাষণ দিয়ে। এই সভাত স্থানীয় বিধায় ভাস্কৰ শৰ্মাৰ লগতে দলৰ কেইবাগৰাকী শীর্ষ নেতাই অংশগ্ৰহণ কৰে ।
কাছাৰ জিলাত বিভিন্ন ৰাজনৈতিক দলৰ প্ৰচাৰ অভিযান তুংগত উঠিছে। আজি শাসকীয় বিজেপিৰ হৈ মন্ত্রী জয়ন্ত মল্ল বৰুৱাই কাছাৰ জিলাৰ ওদাৰবন্দ সমষ্টিৰ শালগংগা জিলা পৰিষদৰ প্ৰাৰ্থীৰ সমৰ্থনত প্ৰচাৰ চলায়।
মন্ত্ৰী কেশৱ মহন্তই আজি বৰাক উপত্যকাৰ শ্ৰীভূমি জিলাৰ লাঠিৰঘাট ৰাণীবাৰী গাঁৱত লক্ষীৰ বাজাৰ জিলা পৰিষদৰ মিত্ৰজোটৰ প্ৰাৰ্থী গৰাকীৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। এই সভাত সাংসদ মিচন ৰঞ্জন দাসেও অংশ লয়। মন্ত্ৰী মহন্তই আজি জিলাখনৰ নিলাম বজাৰ আৰু কাছাৰ জিলাৰ শ্ৰীকোণাত নির্বাচন প্ৰচাৰ সভাত অংশ লয়। অসম গণ পৰিষদৰ নেতা তথা মন্ত্ৰী অতুল বৰাই আজি বোকাখাটৰ গৰিয়াজান বাগিচা, ৰঙামাটি চেউনি কমাৰগাওঁকে ধৰি বিভিন্ন অঞ্চলত প্ৰচাৰ চলায়। ইপিনে, বিৰোধী দল কংগ্ৰেছেও ৰাজ্যৰ বিভিন্ন প্ৰান্ত ব্যাপক প্ৰচাৰ অব্যাহত ৰাখিছে। দলৰ ৰাজ্যিক সভাপতি ভূপেন বৰাই আজি জহিন চাহ বাগিছাত জনসাধাৰণক সম্বোধি প্ৰচাৰ সভাত ভাষণ দিয়ে। শ্ৰীবৰাই আজি এখন সংবাদমেলত মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছ চৰকাৰৰ দিনত মহিলাসকলে চাকৰি লাভ কৰা সন্দৰ্ভত অপ্রীতিকৰ মন্তব্য কৰা বুলি অভিযোগ তোলে। দলৰ নেত্রী মীৰা বৰঠাকুৰ গোস্বামীয়েও আজি সামাজিক মাধ্যমযোগে অভিযোগ তোলে। যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে আজি শিৱসাগৰ আৱৰ্ত ভৱনত সংবাদ মাধ্যমৰ সৈতে হোৱা কথাবতৰাত পঞ্চায়ত নির্বাচনত কংগ্ৰেছ দলে ভাল ফলাফল লাভ কৰিব বুলি আশা প্রকাশ কৰে। দলটোৱে আয়োজন কাৰ সভাসমূহত মহিলাৰ অংশগ্রহণ অধিক বুলিও তেওঁ উল্লেখ কৰে।
কংগ্ৰেছ দলৰ নেতা ৰিপুণ বৰাই আজি গহপুৰ বিধানসভা সমষ্টিৰ ৰজাবাৰী ৰংগমঞ্চত আয়োজিত নির্বাচনী প্ৰচাৰ সভাত অংশ লয়। এই সভাত নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সম্পাদক মনোজ চৌহান আৰু অসম প্রদেশ কংগ্ৰেছ মহিলা সমিতিৰ সভানেত্রী মীৰা বৰঠাকুৰৰ উপৰি বিশ্বনাথ জিলাৰ দলীয় নেতৃবর্গ উপস্থিত থাকে। অসম জাতীয় পৰিষদ দলৰ হৈ আজি দলৰ নেতা লুণিজ্যোতি গগৈয়ে বিভিন্ন অঞ্চলত প্ৰচাৰ চলায় । প্ৰচাৰ সভাত দিয়া ভাষণত শ্ৰীগগৈয়ে শাসনাধিস্থিত বিজেপি চৰকাৰক সমালোচনা কৰে।

অধিক পঢ়ক

সকলো চাওক