পঞ্চায়ত নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে হাটশিঙিমাৰী জিলা প্রশাসনৰ প্রস্তুতি সম্পূৰ্ণ

মানকাচৰত অহা ৭ মে’ত হ’বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে হাটশিঙিমাৰী জিলা প্রশাসনে প্রস্তুতি সম্পূৰ্ণ কৰি তুলিছে। নির্বাচন সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে হাটশিঙিমাৰীত আয়োজিত প্রিজাইডিং আৰু প’লিং বিষয়াৰ দুদিনীয়া প্ৰশিক্ষণৰ আজি সামৰণি পৰে। এই প্ৰশিক্ষণ কাৰ্যসূচীত এহেজাৰ ৮৫১ গৰাকী প্রিজাইডিং আৰু প’লিং বিষয়াই অংশগ্ৰহণ কৰে। সম্পূৰ্ণ মহিলাৰ দ্বাৰা পৰিচালিত হ’বলগীয়া ২৫টা ভোটগ্রহণ কেন্দ্ৰত নিয়োজিত শতাধিক মহিলা প্রিজাইডিং আৰু প’লিং বিষয়াকো প্রশিক্ষণ প্রদান কৰা হয়। উল্লেখযোগ্য যে দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ মানকাচৰ বিধানসভা সমষ্টিৰ অধীনত ৩৫ খন গাঁও পঞ্চায়তত ৪০৬টা ভোটগ্রহণ কেন্দ্র স্থাপন কৰা হ’ব। বাংলাদেশ সীমান্তৱৰ্তী জিলাখনৰ প্ৰতিটো ভোটগ্রহণ কেন্দ্ৰত সম্পূৰ্ণ শান্তিপূর্ণভাৱে নির্বাচন অনুষ্ঠিত কৰিবলৈ জিলা প্ৰশাসনে প্রস্তুতি সম্পূৰ্ণ কৰি তুলিছে। কামৰূপ জিলাৰ আমিনগাঁৱত থকা সংহত জিলা কাৰ্যালয়ৰ সভাকক্ষত পঞ্চায়ত নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত পর্যালোচনা সভা অনুষ্ঠিত হয়। জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰৰ সহযোগিতাত অনুষ্ঠিত সভাখনত বেলট পেপাৰ, ডাটা মেনেজমেণ্ট, প্রশিক্ষণ, পৰিবহণ, নির্বাচনী সামগ্ৰী, ষ্ট্ৰং ৰুম সম্পৰ্কীয় বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়সমূহ আলোচনা কৰা হয়৷
গোলাঘাট জিলা প্ৰশাসনৰ উদ্যোগত আজি নিৰ্বাচনী পর্যবেক্ষক মধুসূদন দাসৰ উপস্থিতিত প্রিজাইডিং আৰু প’লিং বিষয়াৰ বিশেষ প্রশিক্ষণ অনুষ্ঠিত হয়। এই প্রশিক্ষণ কার্যসূচীত মহিলা প্রিজাইডিং আৰু প’লিং বিষয়া উপস্থিত থাকে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।