ডাউনলোড
মোবাইল এপ

android apple
signal

April 13, 2025 12:09 PM | Panchayat Election

printer

পঞ্চায়ত নিৰ্বাচনত বিনা প্রতিদ্বন্দ্বিতাৰে কেইবাগৰাকীও প্রার্থীৰ জয়লাভ

পঞ্চায়ত নিৰ্বাচনত বিনা প্রতিদ্বন্দ্বিতাৰে কেইবাগৰাকীও প্রার্থীয়ে জয়লাভ কৰিছে। কামৰূপ নির্বাচনী জিলাৰ অন্তৰ্গত ২৪খন জিলা পৰিষদৰ ৩ গৰাকী প্ৰাৰ্থী আৰু ১৩৯টা আঞ্চলিক পঞ্চায়ত সদস্যৰ ২৫ গৰাকী প্রার্থীয়ে বিনা প্রতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছে। জিলাখনৰ ২৪ খন জিলা পৰিষদত মুঠ ৬১ গৰাকী প্রার্থীয়ে মনোনয়ন দাখিল কৰিছে। ইয়াৰে বেকেলী জিলা পৰিষদৰ বিজেপি প্রার্থী দেৱজ্যোতি ৰাভা, পঞ্চতীর্থ হাজো জিলা পৰিষদৰ বিজেপিৰ প্ৰাৰ্থী ৰীতা তালুকদাৰ আৰু শৰাইঘাট কেতেকীবাৰী জিলা পৰিষদৰ বিজেপি প্রার্থী বিৰাজ কুমাৰ নাথে বিনা প্রতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছে। জিলাখনৰ ১৩৯ খন আঞ্চলিক পঞ্চায়তৰ সদস্যৰ বাবে ৩১৭ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্র দাখিল কৰিছে। গোলাঘাট দক্ষিণ আঞ্চলিক পঞ্চায়তৰ বিজেপি-অগপ মিত্ৰজোঁটৰ ৭ গৰাকী প্রার্থী বিনা প্রতিদ্বন্দ্বিতাৰে জয়ী হৈছে। সৰুপথাৰ সম-জিলাৰ মুঠ ২১ খন গাঁও পঞ্চায়তৰ পৰা ২১০ টা ৱাৰ্ড সদস্য নিৰ্বাচন হ’ব। ইয়াৰে ২৫ গৰাকী ৱাৰ্ড সদস্য বিনা প্রতিদ্বন্দ্বিতাৰে জয়ী হৈছে। বজালী জিলাত চাৰিখনকৈ আঞ্চলিক পঞ্চায়ত বিজেপি-অগপ মিত্ৰদলৰ প্ৰাৰ্থীয়ে বিনা প্রতিদ্বন্দ্বিতাৰে জয়ব দিয়ে অগ্ৰসৰ হৈছে।
কোনো প্রার্থীয়ে প্রার্থিত্ব প্ৰত্যাহাৰ কৰিব বিচাৰিলে ১৭ এপ্ৰিলৰ বিয়লিৰ ৩ বজাৰ ভিতৰত আবেদন কৰিব লাগিব। সেইদিনাই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা প্ৰাৰ্থীৰ তালিকা প্রকাশ কৰা হ’ব।
অহা ২ মে’ত প্ৰথম পৰ্যায়ত নির্বাচন হ’বলগীয়া ধেমাজি জিলাত ১২ খন জিলা পৰিষদৰ বাবে ৩৯ জন প্রার্থীয়ে আৰু ৫ খন আঞ্চলিক পঞ্চায়তৰ বাবে ১৩৯ জন প্রার্থীয়ে মনোনয়ন পত্র দাখিল কৰিছে। জিলাখনৰ ৬৫ খন গাঁও পঞ্চায়তৰ ৬৫০টা ৱাৰ্ড সদস্যৰ বাবে এহেজাৰ ৭৭০ জনে মনোনয়ন পত্র দাখিল কৰিছে।

অধিক পঢ়ক

সকলো চাওক