ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত জিলা পৰিষদ পৰ্যায়ত ৫৯৪টা আৰু উন্নয়ন খণ্ড পৰ্যায়ত ২,৭১০টা পদ খালী হৈ আছেঃ ৰণজিৎ কুমাৰ দাস

ৰাজ্যত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত জিলা পৰিষদ পৰ্যায়ত ৫৯৪টা আৰু উন্নয়ন খণ্ড পৰ্যায়ত ২,৭১০টা পদ খালী হৈ আছে। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে আজি বিধানসভাত বিধায়ক জাকিৰ হুছেইন সিকদাৰৰ এটা প্ৰশ্নৰ উত্তৰত এই কথা প্ৰকাশ কৰে।

তেওঁ কয়, যে খালী হৈ থকা পদসমূহ প্ৰয়োজন সাপেক্ষে পূৰণ কৰাৰ লগতে পর্যায়ক্রমে পদোন্নতিৰ ব্যৱস্থা কৰা হ’ব। বিভাগটোৰ অধীনত বৰ্তমান ৭,৫৮৭ জন ঠিকাভিত্তিক কৰ্মচাৰী বিভিন্ন পৰ্যায়ত কৰ্মৰত হৈ আছে বুলিও মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।