ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

October 14, 2024 7:44 PM | India | Jal Award

printer

পঞ্চম ৰাষ্ট্ৰীয় জল বঁটা ২০২৩ সমূহ ঘোষণা

পঞ্চম ৰাষ্ট্ৰীয় জল বঁটা ২০২৩ সমূহ আজি নতুন দিল্লীত ঘোষণা কৰা হয়। উৎকৃষ্ট ৰাজ্যৰ শিতানত ওড়িশাই শ্রেষ্ঠ বঁটা লাভ কৰাৰ বিপৰীতে উত্তৰ প্রদেশে দ্বিতীয় স্থান লাভ কৰে। আনহাতে, পুডুচেৰী আৰু গুজৰাটে যুটীয়াভাৱে তৃতীয় স্থান লাভ কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুৱে নতুন দিল্লীত অহা ২২ অক্টোবৰত পঞ্চম ৰাষ্ট্ৰীয় জল বঁটাসমূহ প্ৰদান কৰিব। ৯ টা শিতানত যুটীয়া বিজেতাসকলকে ধৰি মুঠ ৩৮ টা বঁটা আগবঢ়োৱা হ’ব। প্ৰতিগৰাকী বিজেতাই নিৰ্দিষ্ট শিতানত নগদ ধনৰ উপৰি বঁটা তথা প্ৰশস্তিপত্ৰ লাভ কৰিব। এখন সংবাদমেলত জলশক্তি মন্ত্ৰী চি আৰ পাৰ্টিলে বিজেতাসকলক প্ৰশংসা কৰি কয় যে, তেওঁলোকে জল ব্যৱস্থাপনাৰ গুৰুত্বৰ বিষয়ে সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যে প্ৰচেষ্টা অব্যাহত ৰখাৰ লগতে অনুকৰণীয় ভূমিকা ৰূপায়ণ কৰিছে। তেওঁ লগতে জলশক্তি মন্ত্ৰালয়ে ৰাষ্ট্ৰীয় পৰ্যায়ত জল সংৰক্ষণৰ সজাগতা বৃদ্ধি কৰাৰ উদ্দেশ্যে ব্যাপক অভিযান চলোৱা বুলিও প্ৰকাশ কৰে।