প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীত অনুষ্ঠিত পঞ্চম মুখ্য সচিবসকলৰ ৰাষ্ট্ৰীয় সন্মিলনত আজি আৰু কাইলৈ অধ্যক্ষতা কৰিব। তিনিদিনীয়াকৈ আয়োজন কৰা এই সন্মিলনৰ আজি দ্বিতীয় দিন। এই সন্মিলনৰ মূল উদ্দেশ্য হৈছে- ৰাষ্ট্ৰীয় উন্নয়নৰ অগ্ৰাধিকাৰৰ ওপৰত গাঁথনিগত আৰু স্থায়ী আলোচনাৰ জৰিয়তে কেন্দ্ৰ আৰু ৰাজ্যৰ অংশীদাৰিত্ব শক্তিশালী কৰা। সন্মিলনত এটা উমৈহতীয়া উন্নয়নমূলক কাৰ্যসূচী চূড়ান্ত কৰাৰ লক্ষ্যৰে গুৰুত্বপূৰ্ণ আলোচনা অনুষ্ঠিত হ’ব। ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে অনুসৰণ কৰিবলগীয়া বিকশিত ভাৰতৰ বাবে মানৱ মূলধন বিষয়টোৰ উত্তম পদ্ধতি আৰু কৌশলসমূহ এই সন্মিলনত আলোচনা কৰা হ’ব। এই বিষয়বস্তুৰ অধীনত পাঁচটা মূল ক্ষেত্র প্রাথমিক শিশু শিক্ষা, স্কুলীয়া শিক্ষা, দক্ষতা, উচ্চ শিক্ষা, ক্রীড়া আৰু সহ-পাঠ্যক্ৰমৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হ’ব। এই সন্মিলনত মুখ্য সচিব, সকলো ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ বিষয়া আৰু বিশেষজ্ঞসকলে অংশগ্ৰহণ কৰিছে।বিগত ৪ বছৰ ধৰি মুখ্য সচিবসকলৰ ৰাষ্ট্ৰীয় সন্মিলন অনুষ্ঠিত হৈছে। ২০২২ চনৰ জুনত এই সন্মিলন প্ৰথমবাৰলৈ অনুষ্ঠিত হৈছিল।
Site Admin | December 27, 2025 12:24 PM | Chief Secretary meeting with PM
পঞ্চম মুখ্য সচিবসকলৰ ৰাষ্ট্ৰীয় সন্মিলনত প্ৰধানমন্ত্ৰীৰ আজি আৰু কাইলৈ অধ্যক্ষতা