পঞ্চম খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় ক্রীড়া মহোৎসৱ আৰম্ভ

ৰাজস্থানত আজি পঞ্চম খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় ক্রীড়া মহোৎসৱ আৰম্ভ হৈছে। এই মহোৎসৱত দেশৰ ২৩০খন বিশ্ববিদ্যালয়ৰ প্ৰায় ৫হাজাৰ শিক্ষাৰ্থী তথা খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে। এইবাৰ ২৩বিধ খেলৰ প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। লগতে খো খোৰ প্ৰদৰ্শনীমূলক খেল অনুষ্ঠিত হ’ব। প্ৰতিযোগিতাসমূহ ৰাজ্যখনৰ জয়পুৰ, উদয়পুৰ, যোধপুৰ, কোটা, আজমেৰ, ভৰতপুৰ আৰু বিকানেৰত আয়োজিত হ’ব। জয়পুৰৰ ছাৱাই মানসিং ষ্টেডিয়ামত আজি সন্ধিয়া ৬বজাত উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হ’ব। মুখ্যমন্ত্রী ভজন লাল শৰ্মা, কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী মনসুখ মন্দাভিয়া আৰু ৰাজস্থানৰ ক্রীড়া মন্ত্রী কর্নেল ৰাজ্যবর্ধন সিং ৰাথোৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিব। এই বছৰ খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছত কেন’য়িং, কায়াকিং, চাইক্লিং আৰু বীচ্চ ভলীবলক অন্তৰ্ভুক্ত কৰা হৈছে। আমাৰ সংবাদাদাতাই জনোৱা অনুসৰি উদ্বোধনী অনুষ্ঠান জাকজমকতাৰে অনুষ্ঠিত হ’ব। আৰক্ষী ব্ৰেণ্ডৰ বিশেষ অনুষ্ঠান আৰু ৰাজস্থানৰ কলা-সংস্কৃতিক প্ৰতিফলিত কৰা সাংস্কৃতিক অনুষ্ঠানেৰে উদ্বোধনী অনুষ্ঠান আৰম্ভ হ’ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিশেষ বার্তাও পাঠ কৰি দিয়া হ’ব। এইবাৰৰ প্ৰতিযোগিতালৈ পঞ্জাবে সৰ্ববৃহৎ দল প্ৰেৰণ কৰিছে। বেডমিণ্টন, হকী, শ্বুটিঙকে ধৰি আন কেইবাটাও ইভেণ্টৰ প্ৰতিযোগিতা আজি পুৱাৰে পৰা অনুষ্ঠিত হৈছে। ৰাজস্থানে প্ৰথমবাৰৰ বাবে খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় ক্রীড়া মহোৎসৱৰ আয়োজন কৰিছে।