নৱৰাত্ৰিৰ প্ৰথম দিনাৰ পৰাই জি এছ টি ৰেহাই কাৰ্যকৰী হ’বঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ অৰ্থাৎ নৱৰাত্ৰিৰ প্ৰথম দিনটোৰ পৰা কাৰ্যকৰী হ’বলগীয়া সামগ্রী আৰু সেৱা কৰৰ নতুন সংস্কাৰ সন্দৰ্ভত আজি দেশবাসীক সম্বোধন কৰে। শ্ৰীমোদীয়ে ৰাষ্ট্ৰক উদ্দেশ্যি দিয়া ভাষণত জি এছ টি সঞ্চয় উৎসৱ কাইলৈৰ পৰা আৰম্ভ হ’ব আৰু জনসাধাৰণে নিজৰ পচন্দৰ সামগ্ৰী কম দামতে ক্ৰয় কৰিব পাৰিব বুলি উল্লেখ কৰে। তেওঁ কয়, যে এই সংস্কাৰৰ জৰিয়তে ৰাষ্ট্ৰৰ বিকাশৰ গাথা সলনি হ’ব আৰু যুৱ প্ৰজন্ম, নৱ্য মধ্যবিত্ত শ্রেণী, কৃষক, মহিলা আৰু উদ্যমীসকল এই সঞ্চয় উৎসৱৰ পৰা লাভান্বিত হ’ব। প্ৰতিখন ৰাজ্যৰে দেশৰ বিকাশৰ যাত্ৰাত সম অংশীদাৰিত্ব থাকিব বুলি তেওঁ উল্লেখ কৰে। জি এছ টিৰ নতুন সংস্কাৰ, সঞ্চয় উৎসৱ আৰু নৱৰাত্ৰি উপলক্ষে প্রধানমন্ত্ৰীয়ে দেশবাসীক ওলগ জনায়। শ্রীমোদীয়ে কয়, যে তেওঁৰ চৰকাৰে কৰ ব্যৱস্থাক সৰলিকৃত কৰিছে। ২০১৪ চনত ক্ষমতালৈ অহাৰ পাছতে তেওঁৰ চৰকাৰে ৰাজ্য আৰু অংশীদাৰীসকলৰ সৈতে আলোচনা কৰি জি এছ টি প্ৰৱৰ্তনত অগ্ৰাধিকাৰ দিছিল বুলি শ্রীমোদীয়ে উল্লেখ কৰে। কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ প্ৰচেষ্টাৰ ফলত বিভিন্ন ধৰণৰ কৰ কৰ্তন কৰা হৈছিল বুলি প্রধানমন্ত্রীয়ে প্রকাশ কৰে। তেওঁ কয়, যে অত্যাৱশ্যকীয় সামগ্রী, ঔষধ আৰু স্বাস্থ্য বীমাক ৫ শতাংশতকৈ কম কৰৰ আওতাত ৰখা হৈছে। যোৱা ১২ বছৰত ২৫ কোটি লোক দৰিদ্ৰতাৰ পৰা মুক্ত হোৱাৰ বিষয়টো প্ৰধানমন্ত্ৰীয়ে সন্তুষ্টি প্ৰকাশ কৰে। নৱ্য মধ্যবিত্ত শ্ৰেণীটোৰ নিজস্ব আশা, আকাংক্ষা আছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে তেওঁলোকৰ কৰৰ বোজা হ্ৰাস কৰাৰ বাবে চৰকাৰে গ্ৰহণ কৰা বিভিন্ন ব্যৱস্থাৰ বিষয়ে উল্লেখ কৰে। তেওঁ কয়, যে জি এছ টিৰ নতুন সংস্কাৰৰ ফলত দৰিদ্ৰ, নৱ্য মধ্যবিত্ত শ্ৰেণী আৰু মধ্যবিত্ত শ্ৰেণীৰ দুগুণ লাভ হ’ব, কিয়নো বিভিন্ন সা-সামগ্ৰী আৰু বাহনৰ ক্ষেত্ৰত তেওঁলোকৰ ব্যয় কম হ’ব। এই সংস্কাৰৰ ফলত হোটেলৰ খৰচ কমিব আৰু পৰ্যটন খণ্ডত ব্যয়সাধ্য হ’ব বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। শ্ৰীমোদীয়ে কয়, যে চৰকাৰে নাগৰিক দেৱো ভৱঃ মন্ত্ৰৰে অগ্ৰসৰ হৈছে। দেশৰ নিৰ্মাণ খণ্ডক শক্তিশালী কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে। অতি ক্ষুদ্র, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগসমূহক উন্নতমানৰ সামগ্ৰী প্ৰস্তুত কৰি দেশক গৌৰৱান্বিত কৰিবলৈ তেওঁ আহ্বান জনায়।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।