কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে আজি নতুন দিল্লীত ২০২৬-২৭ বিত্তীয় বৰ্ষত কেন্দ্ৰীয় বাজেট সন্দৰ্ভত পর্যটন আৰু আতিথ্য খণ্ডৰ বিশেষজ্ঞসকলৰ সৈতে নৱম প্ৰাক্ বাজেট আলোচনাত মিলিত হয়। বৈঠকত বিত্ত ৰাজ্য মন্ত্ৰী পংকজ চৌধুৰী, অৰ্থনৈতিক পৰিক্ৰমা বিভাগৰ সচিব, পৰ্যটন বিভাগৰ সচিব আৰু কেন্দ্ৰীয় চৰকাৰৰ মুখ্য অর্থনৈতিক উপদেষ্টা উপস্থিত থাকে। ইয়াৰ পূৰ্বে বিত্তমন্ত্ৰীগৰাকী কালি প্ৰযুক্তি, বেংকিং, বিত্তীয় সেৱা আৰু বীমা খণ্ডৰ বিশেষজ্ঞসকলৰ সৈতে বৈঠকত মিলিত হয়।
বিত্ত মন্ত্ৰালয়ে সাধাৰণতে বাজেট দাখিলৰ পূৰ্বে প্ৰত্যেক বছৰে বিশেষজ্ঞ, উদ্যোগ জগতৰ কাণ্ডাৰী, অর্থনীতিবিদ আৰু ৰাজ্যিক বিষয়াসকলৰ সৈতে কেইবালানিও প্রাক্ বাজেট পৰামৰ্শ বৈঠকত মিলিত হয়। কেন্দ্রীয় বাজেটত বিভিন্ন দৃষ্টিভংগী আৰু অৰ্থনৈতিক অগ্ৰাধিকাৰৰ প্ৰতিফলন ঘটাটো সুনিশ্চিত কৰাই এনে আলোচনাৰ মূল উদ্দেশ্য।
বিগত দশকত ভাৰতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত স্বাস্থ্য গৱেষণা আৰু ভেষজ খণ্ডৰ অগ্ৰণী হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সমৰ্থ হৈছে। নতুন দিল্লীত অনুষ্ঠিত NATIONAL ONE HEALTH ASSEMBLY, ২০২৫-ত এটা ভিডিঅ’ বাৰ্তাত কেন্দ্রীয় স্বাস্থ্য মন্ত্ৰী জে পি নাড্ডাই এইদৰে প্ৰকাশ কৰে। তেওঁ কয়, যে উন্নত প্রযুক্তি, শক্তিশালী গৱেষণা সামৰ্থ্য আৰু দ্ৰুত বিকশিত ষ্টার্টআপ পৰিস্থিতি তন্ত্ৰই ভাৰতক উদ্ভাৱনৰ কেন্দ্ৰ হিচাপে গঢ়ি তুলিছে। শ্ৰী নাড্ডাই উল্লেখ কৰে, যে ৰাষ্ট্ৰীয় এটা স্বাস্থ্য অভিযান হৈছে ভাৰতৰ মহামাৰী প্ৰতিৰোধ প্ৰস্তুতিৰ এটা উল্লেখনীয় উদাহৰণ। তেওঁ কয়, যে এই অভিযানৰ অধীনত ১৬ টা মন্ত্ৰালয় আৰু ৰাজ্যিক বিভাগে একেলগ হৈ মানুহ, জীৱ-জন্তু তথা পৰিৱেশ সুৰক্ষাৰ বাবে কাম কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে TRUENAT, PATHODETECT আৰু CRISPER-ৰ দৰে থলুৱা প্ৰযুক্তিসমূহত আলোকপাত কৰি কয়, যে স্বাস্থ্য প্ৰযুক্তিৰ এই বিকশিত ষ্টার্টআপসমূহে দ্ৰুত আৰু শুদ্ধভাৱে পৰীক্ষা-নিৰীক্ষা কৰোৱাত সহায় কৰিছে। শ্ৰী নাড্ডাই প্রতিষেধক প্ৰস্তুতৰ ক্ষেত্ৰত ভাৰতৰ ব্যতিক্রমী নেতৃত্বৰ কথা উল্লেখ কৰি কয়, যে ভাৰতে থলুৱাভাৱে বিকশাই তোলা কোভাক্সিন, কৰ্বিভেক্স আৰু কোভিশ্বিল্ডৰ দৰে কোৱিড-১৯ৰ প্ৰতিষেধকসমূহ বিশ্বৰ ১০০ ৰো অধিক দেশলৈ যোগান ধৰিলে। ৰাষ্ট্ৰীয় এটা স্বাস্থ্য অভিযানৰ অংশ হিচাপে গঢ়ি তোলা ব্যৱস্থাই দুৰ্যোগ আৰু মহামাৰীৰ আগতীয়া চিনাক্তকৰণ তথা সতর্কতা জাৰিৰ জৰিয়তে স্বাস্থ্য খণ্ডৰ বিকাশত সহায় কৰিব বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।
অনুষ্ঠানত অংশ লৈ নীতি আয়োগৰ স্বাস্থ্য বিভাগৰ সদস্য ড° ভি কে পলে কয়, যে ৰাষ্ট্ৰীয় এটা স্বাস্থ্য অভিযানে দেশত প্ৰথমবাৰৰ বাবে গঢ়ি তোলা অতি ব্যাপক, উচ্চাকাংক্ষী আৰু ভৱিষ্যতৰ বাবে সাজু পৰিকাঠামোক প্ৰতিনিধিত্ব কৰে। তেওঁ এই অভিযানক কেৱল এটা অস্থায়ী কাৰ্যসূচী নহয়, বৰং দীৰ্ঘম্যাদী প্রতিশ্রুতিবদ্ধতা বুলি মন্তব্য কৰে।