● ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে ইয়াৰ অধীনৰ সকলো বিদ্যালয়ক নৱম আৰু দশম শ্ৰেণীৰ হৈ যোৱা প্রথম গোট পৰীক্ষাৰ নম্বৰ অহা ১০ আগষ্টৰ ভিতৰত মাৰ্কছ এন্ট্রি প’ৰ্টেলত আপলোড কৰিবলৈ নিৰ্দেশ দিছে। পৰিষদৰ সচিবে কালি এই বিষয়ে জাননী জাৰি কৰে। জাননীখনত প’ৰ্টেলত প্ৰথম গোটৰ পৰীক্ষাৰ নম্বৰ নথকা দশম শ্ৰেণীৰ শিক্ষাৰ্থীক ২০২৬ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে প্ৰ-পত্ৰ পূৰ্ণত অনুমতি দিয়া নহ’ব বুলি সকীয়াই দিয়া হৈছে। ইয়াৰ উপৰি ইতিমধ্যে প’ৰ্টেলত আপলোড কৰা ২০২৪-২৫ বৰ্ষৰ নৱম শ্ৰেণীৰ ছমহীয়া আৰু বছৰীয়া পৰীক্ষাৰ নম্বৰো পুনৰ পৰীক্ষা কৰি প্ৰতিজন শিক্ষাৰ্থীৰ বিপৰীতে বৰ্ণনাত্মক আৰু বস্তুনিষ্ঠ অংশৰ নম্বৰ পৃথকে পৃথকে পুনৰ আপলোড কৰিবলৈ বিদ্যালয়সমূহক পৰামৰ্শ দিয়া হৈছে। পৰিষদে লগতে বিদ্যালয়সমূহক চলিত বৰ্ষৰ ছমহীয়া, দ্বিতীয় গোট পৰীক্ষা, বছৰেকীয়া অথবা বাছনি পৰীক্ষাত প্ৰতিজন শিক্ষাৰ্থীয়ে লাভ কৰা নম্বৰো পৰীক্ষা অনুযায়ী প’ৰ্টেলত আপলোড কৰিবলৈ আহ্বান জনাইছে।
Site Admin | August 3, 2025 11:32 AM | Akashvani Guwahati | Akashvani News | Assam Education | Assam Education Dept
নৱম আৰু দশম শ্ৰেণীৰ প্রথম গোট পৰীক্ষাৰ নম্বৰ মাৰ্কছ এন্ট্রি প’ৰ্টেলত আপলোড কৰিবলৈ নিৰ্দেশ
