ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

April 14, 2025 7:35 PM | Baisagu

printer

নৱবৰ্ষ আদৰণি উৎসৱ বৈশাগু উপলক্ষে বড়ো জনগোষ্ঠী বসতিপ্রধান অঞ্চলসমূহত উখল-মাখল পৰিবেশ

ৰাজ্যখনৰ বড়ো জনগোষ্ঠীৰ লোকসকলে পালন কৰা নৱবৰ্ষ আদৰণি উৎসৱ বৈশাগু উপলক্ষে জনগোষ্ঠীটোৰ বসতিপ্রধান অঞ্চলসমূহত উখল-মাখল পৰিবেশে বিৰাজ কৰিছে। খাম, চেৰজা, চিফুং আৰু জাবশিঙৰ ছন্দত চৌদিশ মুখৰ হৈ উঠিছে। বৈশাগু উপলক্ষে আজি কোকৰাঝাৰ নগৰৰ পৰা প্ৰায় ১০ কিলোমিটাৰ নিলগত থকা বাওখুংগ্ৰী পাহাৰ বগোৱা কাৰ্যসূচী অনুষ্ঠিত হয়। ল’ৰাৰ পৰা বুঢ়ালৈ বিভিন্ন বয়সৰ লোকে আজি এই কাৰ্যসূচীত অংশ লয়। চ’ত-ব’হাগৰ সংক্ৰান্তিৰ দিনা পৰম্পৰাগত বিশ্বাস অনুসৰি জনগোষ্ঠীটোৰ লোকসকলে আজি এই পাহাৰখন বগাই অসূয়া-অশান্তি দূৰ কৰাৰ বাবে সংকল্প লয়। পাহাৰৰ শীৰ্ষত উপনীত হোৱাসকল অসুখ-বিসুখৰ পৰা ৰক্ষা পৰে বুলিও বিশ্বাস প্রচলিত আছে। ইপিনে, জিলাখনৰ হৰিণাগুৰিত থকা এই পাহাৰত পৰহিৰে পৰা অনুষ্ঠিত দ্বাদশ বাওখুংগ্ৰী মহোৎসৱৰ আজি সামৰণি বিটিআৰৰ পৰ্যটন বিভাগে শনিবাৰে চাইক্লিং প্রতিযোগিতাৰে এই মহোৎসৱৰ শুভাৰম্ভ কৰিছিল। ৩ দিনীয়া এই মহোৎসৱৰ অংশ হিচাপে পাহাৰ বগোৱা, চাইক্লিং, পেৰাগ্লাইদিং, এয়াৰ বেলুন উৰুৱা, খাদ্য মহোৎসৱ আৰু সাংস্কৃতিক কাৰ্যসূচীৰ আয়োজন কৰা হয়। ২০১৩ চনৰ পৰা বিটিচিৰ পৰ্যটন বিভাগে এই উৎসৱৰ আয়োজন কৰি ইয়াৰ অংশ হিচাপে দুঃসাহসিক ক্রীড়া প্রতিযোগিতা অনুষ্ঠিত কৰি আহিছে।