নৱগঠিত বিধানসভা সমষ্টিৰ ভিত্তিত নতুন ৰেচন কাৰ্ড বিতৰণৰ তৃতীয় তথা অন্তিম পৰ্যায়ৰ কাৰ্যসূচী আজি ৰাজ্যৰ কেইবাখনো জিলাত অনুষ্ঠিত হ’ব। ধুবুৰী, গোৱালপাৰা, বঙাইগাঁও, বৰপেটা, কামৰূপ, নলবাৰী, বাক্সা, ওদালগুৰি, দৰং, মৰিগাঁও, নগাঁও আৰু লখিমপুৰত হ’বলগীয়া অনুষ্ঠানত হিতাধিকাৰীসকলৰ মাজত নতুন ৰেচন কাৰ্ড বিতৰণ কৰা হ’ব। নতুন হিতাধিকাৰীসকলে প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ অন্ন যোজনাৰ অধীনত অহা বৰ্ষৰ জানুৱাৰীৰ পৰাই বিনামূলীয়া চাউল লাভ কৰিব। ধুবুৰী জিলাৰ গোলকগঞ্জ, গৌৰীপুৰ, ধুবুৰী, বিৰছিং জাৰুৱা, বিলাসীপাৰা আদি সমষ্টিত নতুন ৰেচন কাৰ্ড বিতৰণ কৰা হ’ব। গোৱালপাৰা জিলাৰ দুধনৈ, জলেশ্বৰ, পূব আৰু পশ্চিম গোৱালপাৰা সমষ্টিত হিতাধিকাৰীৰ মাজত নতুন ৰেচন কাৰ্ড বিতৰণ কৰা হ’ব। বঙাইগাঁও জিলাতো অভয়াপুৰী, সৃজনগ্রাম, বঙাইগাঁও সমষ্টিৰ লগতে বৰপেটা জিলাৰ বৰপেটা, বেটবাৰী, মন্দিয়া, চেঙা আদি সমষ্টিত নতুন ৰেচন কাৰ্ড বিতৰণ কৰা হ’ব। কামৰূপ জিলাৰ ছমৰীয়া, নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টি আৰু বাক্সাৰ মানস সমষ্টিত এই ৰেচন কাৰ্ড বিতৰণ কৰা হ’ব। ওদালগুৰি জিলাৰ ভেৰগাঁও, ওদালগুৰি, মাজবাট, টংলা সমষ্টিৰ লগতে দৰং জিলাৰ ছিপাঝাৰ, মঙলদৈ, দলগাঁও আদি সমষ্টিত ৰেচন কাৰ্ড বিতৰণ কৰা হ’ব। মৰিগাঁও জিলাৰ জাগীৰোড, লাহৰীঘাট, মৰিগাঁও সমষ্টিৰ লগতে নগাঁও জিলাৰ ধিং, ৰূপহীহাট, কলিয়াবৰ, চামগুৰি, বঢ়মপুৰ, নগাঁও-বটদ্ৰৱা আৰু ৰহা সমষ্টিত ৰেচন কাৰ্ড বিতৰণ কৰা হ’ব। লখিমপুৰ জিলাৰ ৰঙানদী আৰু নাওবৈচাতো সমষ্টিভিত্তিত নতুন ৰেচন কাৰ্ড প্ৰদান কৰা হ’ব। এই আটাইকেইখন জিলাৰে আটাইবোৰ সমষ্টিত মুঠ ৫ লাখ ১৫ হাজাৰ ২০৯ গৰাকী হিতাধিকাৰীলৈ এই পৰ্যায়ত নতুন ৰেচন কাৰ্ড বিতৰণ কৰা হ’ব ।
Site Admin | December 28, 2024 11:22 AM | Ration Card Distribution
নৱগঠিত বিধানসভা সমষ্টিৰ ভিত্তিত নতুন ৰেচন কাৰ্ড বিতৰণ কাৰ্যসূচী আৰম্ভ