ডাউনলোড
মোবাইল এপ

android apple
signal

নৰৱেৰ ৰাষ্ট্রদূতৰ নেতৃত্বত অহা এটা প্রতিনিধি দলে নগাঁৱত ৰূপায়িত এনেক্ট-আছাম প্রকল্পৰ ক্ষেত্ৰসমূহ পৰিদর্শন

নৰৱেৰ ৰাষ্ট্রদূত এইচ ই মিছ মে-এলিন ষ্টেনাৰৰ নেতৃত্বত অহা এটা প্রতিনিধি দলে আজি নগাঁৱত ৰূপায়িত হৈ থকা এনাক্ট-আছাম প্ৰকল্পৰ ক্ষেত্ৰসমূহ পৰিদৰ্শন কৰে। জিলাখনৰ তিনিটা উন্নয়ন খণ্ড ক্রমে কঠিয়াতলি, পাখিমৰীয়া আৰু ৰহাত ৰূপায়ণ হৈ থকা প্ৰকল্পস্থলী পৰিদৰ্শন কৰাৰ লগতে কৃষকসকলৰ সৈতে মত বিনিময় কৰে। প্ৰতিনিধি দলটোৱে নিজ কঠিয়াতলি গাঁও পঞ্চায়তৰ সভাগৃহত বাওধানৰ চাউল বজাৰৰ বাবে মুকলি এটা অনুষ্ঠানত অংশগ্ৰহণ কৰে। এই অনুষ্ঠানত ৰাষ্ট্রদূতগৰাকীৰ লগত ৰাজ্য চৰকাৰৰ কৃষি সঞ্চালক ড০ পি উদয় প্রবীন, অসম কৃষি বিশ্ববিদ্যালয়ৰ মাণ্ডলিক গৱেষণা কেন্দ্ৰৰ মুখ্য বিজ্ঞানী ড০ হিৰণ্য কুমাৰ বৰা আৰু বিশ্ব খাদ্য কাৰ্যসূচীৰ জলবায়ু পৰিৱৰ্তনৰ প্ৰধান উপস্থিত থাকে। এই অনুষ্ঠানতে ৰাষ্ট্রদূতগৰাকীয়ে বাওধানৰ খেতিৰ লগত জড়িত ময়ূৰ উৎপাদক গোটৰ সদস্যসকলৰ লগতো মত বিনিময় কৰে। প্ৰতিনিধি দলটোৱে এনাক্ট-আছাম প্ৰকল্পৰ জৰিয়তে কৃষকৰ সুবিধার্থে অসম কৃষি বিশ্ববিদ্যালয়ে কৰি অহা ভিডিঅ’ কনফাৰেন্স আৰু উদ্ভিদৰ চিকিৎসা শিবিৰত যোগদান কৰি তাৰ পৰা কৃষকসকলে কিদৰে লাভান্বিত হ’ব সেই সন্দৰ্ভত বুজ লয়। আনহাতে ৰহা উন্নয়ন খণ্ডত এনাক্ট-আছাম প্ৰকল্পৰ অধীনত অসম কৃষি বিশ্ববিদ্যালয়ৰ সহযোগত পাহী আত্মসহায়ক গোটে কৰা বিজ্ঞানসন্মত কাঠফুলা খেতি পৰিদৰ্শন কৰি মহিলা কৃষকসকলক এই কাৰ্যৰ বাবে প্রতিনিধি দলটোৱে প্ৰশংসা কৰে।

অধিক পঢ়ক

সকলো চাওক