ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

April 25, 2024 6:39 PM | ECI

printer

নৰেন্দ্ৰ মোদী আৰু ৰাহুল গান্ধীয়ে নির্বাচনী আচৰণবিধি উলংঘাৰ অভিযোগৰ বিষয়টোত নির্বাচন আয়োগৰ গুৰুত্ব

নির্বাচন আয়োগে বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদী আৰু কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে নির্বাচনী আচৰণবিধি উলংঘা কৰা বুলি উত্থাপিত অভিযোগৰ বিষয়টো গুৰুত্ব সহকাৰে গ্ৰহণ কৰিছে। আয়োগে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা আৰু কংগ্রেছ সভাপতি মল্লিকার্জুন খাৰ্গেলৈ পত্ৰ প্ৰেৰণ কৰি ২৯ এপ্ৰিলৰ দিনৰ ১১ বজাৰ ভিতৰত বিষয়টো সন্দৰ্ভত সঁহাৰি জনাবলৈ কৈছে । আয়োগে পত্ৰখনত সকলো তাৰকা প্ৰচাৰক ৰাজনৈতিক বাগধাৰাৰ উচ্চমান বৰ্তাই ৰাখিবলৈ আৰু নির্বাচনী আচৰণবিধি ব্যৱস্থাসমূহ আখৰে আখৰে পালন কৰিবলৈ নিৰ্দেশ দিছে। কংগ্ৰেছ, চি পি আই আৰু চি পি আই এম এ ৰাজস্থানৰ বান্‌ছৱাৰাৰ নিৰ্বাচনী সভাত বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে দিয়া ভাষণক লৈ আপত্তি উত্থাপন কৰিছে। আনহাতে বিজেপিয়ে কেৰালাৰ কোট্টায়ামত ৰাহুল গান্ধীয়ে দিয়া ভাষণক লৈ আপত্তি দর্শাইছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।