January 4, 2026 8:44 AM | Paddy Assam

printer

ন্যূনতম সমর্থন মূল্যত শালিধান ক্ৰয়ৰ বাবে যোৰহাটত ধান ক্রয় কেন্দ্ৰ মুকলি

কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে কৃষকৰ উপাৰ্জন বৃদ্ধি কৰাৰ লক্ষ্যৰে ন্যূনতম সমর্থন মূল্যত শালিধান ক্ৰয়ৰ বাবে গ্রহণ কৰা ব্যৱস্থাৰ অংশ হিচাপে যোৰহাটত কালি ধান ক্রয় কেন্দ্ৰ মুকলি কৰা হৈছে। জিলাখনৰ ন-কচাৰী, ঢেকৰগঢ়া আৰু মাধপুৰ হাঁহচৰাত অসম খাদ্য আৰু অসামৰিক যোগান নিগম লিমিটেডৰ অধীনত এই কেন্দ্ৰ মুকলি কৰা হৈছে। জিলাখনৰ কৃষকসকলক এই কেন্দ্ৰত ধান বিক্ৰীৰ বাবে প্ৰয়োজনীয় নথি লৈ কৃষি উন্নয়ন বিষয়াৰ সৈতে যোগাযোগ কৰি প্ৰমাণপত্ৰ সংগ্ৰহ কৰিবলৈ আহ্বান জনোৱা হৈছে। তদুপৰি ধান বিক্ৰীৰ বাবে কৃষকসকলক ধানৰ আর্দ্রতা ১৭ শতাংশৰ তলত ৰাখিবলৈ কোৱা হৈছে। উল্লেখযোগ্য যে ২০২৫-২৬ বৰ্ষৰ খাৰিফ শস্যৰ বতৰত শালিধানৰ বাবে চৰকাৰে প্ৰতি কুইণ্টলত ২০৫৬৭ টকাকৈ ন্যূনতম সমর্থন মূল্য আগবঢ়াইছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।