ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

October 11, 2025 7:31 PM | Assam CM Meet

printer

ন্যায় প্রদান ব্যৱস্থা ডিজিটেল ৰূপান্তৰকৰণে ন্যায়প্রাপ্তিক অধিক সহজলভ্য কৰি তুলিছে : মুখ্যমন্ত্ৰী

ন্যায় প্রদান ব্যৱস্থা ডিজিটেল ৰূপান্তৰকৰণে ন্যায়প্রাপ্তিক অধিক সহজলভ্য কৰি তুলিছে বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মত প্রকাশ কৰিছে। কেন্দ্ৰীয় আইন মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালৰ উপস্থিতিত আজি গুৱাহাটীত ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকৰণৰ পূৰ্বাঞ্চলীয় আঞ্চলিক সন্মিলনত দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে এই কথা উল্লেখ কৰে। অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ সহযোগত অনুষ্ঠিত এই সন্মিলনত ন্যায়িক লাভৰ ক্ষেত্ৰত সৰ্বসাধাৰণৰ বাবে সম সুযোগ সৃষ্টি আৰু সকলো নাগৰিকৰ বাবে ন্যায় নিশ্চিতকৰণত প্ৰযুক্তিৰ ভূমিকা সম্পর্কে আলোচনা কৰা হয়। মুখ্যমন্ত্রী ড০ শৰ্মাই অনুষ্ঠানত দিয়া ভাষণত কয় যে প্রযুক্তি ব্যৱহাৰে ন্যায় প্ৰদান ব্যৱস্থাক সুচল কৰি তুলিছে। ভার্চুৱেল আদালত ব্যৱস্থাই আইন সেৱা অধিক স্বচ্ছ কৰি তোলাৰ লগতে ইয়াৰ ক্ষমতাও বৃদ্ধি কৰিছে বুলি তেওঁ মন্তব্য কৰে। মুখ্যমন্ত্ৰীয়ে আইনক ৰাজ্য আৰু নাগৰিকৰ মাজৰ বিশ্বাসৰ সাঁকো বুলিও অভিহিত কৰে। ন্যায়পালিকাই সামাজিক আৰু অৰ্থনৈতিক প্রতিবন্ধকতা নেওচি সকলোৰে বাবে সম ন্যায় প্ৰদানৰ সাংবিধানিক প্ৰতিশ্ৰুতি পূৰণ কৰে বুলি মুখ্যমন্ত্রীয়ে মন্তব্য আগবঢ়ায়। দৰিদ্ৰ আৰু আওহতীয়া অঞ্চলৰ পীড়িতজনেও ন্যায় লাভৰ সুবিধাৰ পৰা বঞ্চিত নোহোৱাটো ন্যায়পালিকাই নিশ্চিত কৰে বুলি তেওঁ উল্লেখ কৰে। তেওঁ কয় যে লোক আদালত আৰু আইন সেৱা সজাগতা কাৰ্যসূচীসমূহে জনসাধাৰণক আইনী সুবিধা লাভ কৰাত সহায় কৰিছে। ফাষ্টট্ৰেক আদালত, ন্যায়াধীকৰণ আৰু পকছ’ আদালতৰ জৰিয়তে ৰাজ্যখনত বিচাৰাধীন গোচৰসমূহ দ্রুতভাৱে নিষ্পত্তিৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলিও মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।