ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

June 4, 2025 8:22 PM | Kiren Rijiju

printer

ন্যায়াধীশ যশৱন্ত বাৰ্মাৰ বিৰুদ্ধে মহা অভিযোগৰ প্ৰস্তাৱ, ন্যায়পালিকাৰ দূৰ্নীতিৰ সৈতে জড়িত বিষয় : কিৰেণ ৰিজিজু

চৰকাৰে দিল্লী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ যশৱন্ত বাৰ্মাৰ বিৰুদ্ধে মহা অভিযোগ প্ৰস্তাৱ অনাৰ বাবে সকলো ৰাজনৈতিক দলৰ মাজত সহমত গঢ়ি তোলাৰ উদ্দেশ্যে কাম কৰি আছে। কেইমাহমান পূর্বে ন্যায়াধীশ যশৱন্ত বাৰ্মাৰ চৰকাৰী বাসগৃহৰ পৰা বিপুল পৰিমাণৰ নগদ ধন উদ্ধাৰ হৈছিল। নতুন দিল্লীত আজি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিৰিজুৱে কয় যে ন্যায়াধীশ বাৰ্মাৰ বিৰুদ্ধে মহা অভিযোগৰ প্ৰস্তাৱ, ন্যায়পালিকাৰ দূৰ্নীতিৰ সৈতে জড়িত বিষয় আৰু ইয়াক লৈ ৰাজনীতিৰ কোনো অৱকাশ নাই। তেওঁ কয় যে ৰাষ্ট্ৰৰ হিতৰ বাবে ন্যায়পালিকা বা আন যিকোনো ক্ষেত্ৰৰ দূৰ্নীতি সন্দৰ্ভত আলোচনা হোৱা উচিত।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।