ন্যায়াধীশ ভূষণ ৰামকৃষ্ণ গাৱাইৰ ভাৰতৰ ৫২ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে শপতগ্ৰহণ

ন্যায়াধীশ ভূষণ ৰামকৃষ্ণ গাৱাইয়ে আজি ভাৰতৰ ৫২ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে শপতগ্ৰহণ কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এটা বিশেষ অনুষ্ঠানত ন্যায়াধীশ গাৱাইক শপতবাক্য পাঠ কৰোৱায়। ন্যায়াধীশ বি আৰ গাৱাই কালি কার্যকাল সমাপ্ত হোৱা ন্যায়াধীশ সঞ্জীৱ খান্না স্থলাভিষিক্ত হ’ব। তেওঁ অহা ছমাহ দেশৰ মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰিব। ২০১৯ চনৰ পৰা উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰা গাৱাই বিমুদ্ৰাকৰণৰ পৰা আৰম্ভ কৰি নিৰ্বাচনী বণ্ডলৈকে কমেও ৩০০টা গোচৰৰ সৈতে জড়িত আছিল। উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়, প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী, কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী আৰু উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশে শপতগ্রহণ অনুষ্ঠানত ভাগ লয়।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।