অসমত অভ্যন্তৰীণ জলপথত নৌ চলাচল বৃদ্ধিৰ উদ্দেশ্যে ব্রহ্মপুত্রক কেন্দ্র কৰি বগীবিল, শিলঘাট, পাণ্ডু আৰু বিশ্বনাথ ঘাটত চাৰিটা নতুন আলোকস্তম্ভ নির্মাণ কৰা হ’ব বুলি কেন্দ্রীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্রী সর্বানন্দ সোণোৱালে প্রকাশ কৰিছে। বিশাখাপটনমত অনুষ্ঠিত ভাৰতীয় আলোকস্তম্ভ মহোৎসৱত অংশগ্রহণ কৰি কালি মন্ত্ৰীগৰাকীয়ে কয়, যে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ দূৰদর্শী নেতৃত্বত আলোকস্তম্ভসমূহ অকল উপকূলতে নহয়, বৰং বিভিন্ন সম্প্রদায়ৰ মনতো উজ্জ্বল হৈ থাকিব। তেওঁ কয়, যে আলোকস্তম্ভ পর্যটনো স্থানীয় পর্যায়ত জীৱিকাৰ সৃষ্টি কৰিব, সামুদ্রিক সচেতনতা বৃদ্ধি কৰিব আৰু উপকূল ভাগত বাস কৰা তেওঁলোকৰ সামুদ্রিক ইতিহাসৰ বিষয়ত সজাগ কৰিব। শ্রীসোণোৱালে কয়, যে ৰাষ্ট্রীয় সামুদ্রিক ঐতিহ্য চৌহদত ২৬৬ কোটি টকা বিনিয়োগেৰে নির্মাণ কৰিবলৈ লোৱা ৭৭ মিটাৰ উচ্চতাৰ আলোকস্তম্ভ সংগ্রহালয়টো বিশ্বৰ অন্যতম বৃহৎ সামুদ্রিক সংগ্রহালয় হ’ব।
Site Admin | January 11, 2026 11:58 AM | Sarbanada sonowal
নৌ চলাচল বৃদ্ধিৰ উদ্দেশ্যে ব্রহ্মপুত্রক কেন্দ্র কৰি বগীবিল, শিলঘাট, পাণ্ডু আৰু বিশ্বনাথ ঘাটত চাৰিটা নতুন আলোকস্তম্ভ নির্মাণ কৰা হ’ব বুলি কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালৰ প্রকাশ