ডাউনলোড
মোবাইল এপ

android apple
signal

নৌসেনা বাহিনীৰ ইষ্টাৰ্ণ ফ্লীটৰ অন্তৰ্গত চাৰিখন যুদ্ধ জাহাজ – INS Delhi, INS Shakti, INS Satpura আৰু INS Kiltan আজি ছিংগাপুৰ বন্দৰত উপস্থিত

নৌসেনা বাহিনীৰ ইষ্টাৰ্ণ ফ্লীটৰ অন্তৰ্গত চাৰিখন যুদ্ধ জাহাজ – INS Delhi, INS Shakti, INS Satpura আৰু INS Kiltan আজি ছিংগাপুৰ বন্দৰত উপস্থিত হয়। দক্ষিণ-পূব এছিয়াত নৌ বাহিনীৰ সামৰিক গতি-বিধিৰ অংশ হিচাপে ছিংগাপুৰলৈ যোৱা এই যুদ্ধ জাহাজকেইখনৰ নেতৃত্বত আছে ৰিয়েৰ এডমিৰেল সুশীল মেনন।
ভাৰতীয় নৌ বাহিনী আৰু ছিংগাপুৰ নৌ বাহিনীৰ মাজত সামুদ্রিক সহযোগিতা অধিক বৃদ্ধি কৰাৰ উদ্দেশ্যে সেই দেশত উপস্থিত হোৱা ভাৰতীয় যুদ্ধ জাহাজকেইখনৰ মুৰবৰী ৰিয়েৰ এডমিৰেল মেননে ছিংগাপুৰস্থিত ভাৰতীয় উচ্চায়ুক্ত শিল্পক আম্বুলে আৰু ছিংগাপুৰৰ নৌবাহিনীৰ ফ্লীট কমাণ্ডাৰগৰাকীৰ সৈতে আলোচনাত মিলিত হয়। দুয়োদেশৰ মাজৰ সামৰিক আলোচনাত ভাৰত আৰু প্রশান্ত মহাসাগৰীয় অঞ্চলত ভাৰত আৰু ছিংগাপুৰৰ মাজৰ দ্বি-পাক্ষিক সহযোগিতাৰ নতুন সুযোগৰ অন্বেষণ কৰা হয়। এই ভ্রমণকালতে ভাৰতীয় নৌ-বাহিনীয়ে ছিংগাপুৰৰ ক্ৰাঞ্জি যুদ্ধ স্মাৰকত পুষ্পার্ঘ্য নিবেদন কৰাৰ লগতে দ্বিতীয় মহাযুদ্ধৰ সময়ত ছিংগাপুৰত প্ৰাণ আহুতি দিয়া ভাৰতীয় সৈনিকসকলৰ স্মৃতিতো ছিংগাপুৰ নৌ বাহিনীৰ ইষ্টাৰ্ণ ফ্লীটে শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰে। ভাৰতীয় নৌ বাহিনীৰ ‘চাগৰ’ কাৰ্যসূচীৰ অধীনত ভাৰত-প্রশান্ত মহাসাগৰীয় অঞ্চলত শান্তি আৰু সুস্থিৰতা স্থাপনৰ বাবে ভাৰতৰ প্রতিশ্রুতিবদ্ধতা অধিক সুদৃঢ় কৰাৰ ক্ষেত্ৰত এই চাৰিদিনীয়া ভ্রমণে বিশেষ গুৰুত্ব বহন কৰিছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।