চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ বমদিলা আৰু টাৱাং জিলাত হোৱা ধাৰাষাৰ বৰষুণৰ ফলত পাহাৰীয়া নৈসমূহৰ জলস্তৰ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত ভৈয়াম অঞ্চলত বানৰ সৃষ্টি হৈছে। শোণিতপুৰ জিলাৰ নদুৱাৰ বিধানসভা সমষ্টিৰ চাৰিদুৱাৰৰ অন্তৰ্গত বাকোলা, বাকোলাপথাৰ, আমলগা, ভালুকমাৰী, বুঢ়াগাঁও, দলংবস্তিকে ধৰি কেইবাটাও অঞ্চল বানৰ কবলত পৰিছে। প্ৰথমবাৰৰ বাবে গামানি ছপালনা গাঁৱৰ বিস্তীর্ণ অঞ্চল বানৰ কবলত পৰিছে। আজি বিধয়াক পদ্ম হাজৰিকাই বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়।
নেৰানেপেৰা বৰষুণৰ ফলত গোলাঘাট জিলাৰ ধনশিৰি, দৈয়াং, গেলাবিল আদি উপনৈসমূহৰ জলস্তৰ বিপদসীমাৰ ওপৰেৰে বাগৰিছে। সেয়ে সম্ভাৱ্য বানৰ প্ৰতি লক্ষ্য ৰাখি গোলাঘাট, মৰঙী, খুমটাই, দেৰগাঁও, সৰুপথাৰ আৰু বোকাখাত ৰাজহ চক্ৰৰ অন্তৰ্গত নৈপৰীয়া ৰাইজক সজাগ হৈ থাকিবলৈ জিলা প্রশাসনে সকিয়াই দিছে। জৰুৰীকালীন সময়ত উদ্ধাৰ কাৰ্যৰ বাবে ০৩৭৭৪-২৮৩২৮২ নম্বৰত যোগাযোগ কৰিবলৈ গোলাঘাট জিলা প্রশাসনে আহ্বান জনাইছে। উল্লেখযোগ্য যে ধনশিৰি নৈৰ বাঢ়নী পানীয়ে নুমলীগড়, খুমটাই, সৰুপথাৰ, গোলাঘাট আদি অঞ্চলৰ লগতে কুৰিখনৰো অধিক গাঁও জলমগ্ন কৰি তুলিছে।
Site Admin | September 15, 2025 8:19 PM | Assam Flood
নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ কেইবাখনো জিলা প্লাৱিত
