বিগত কেইবাদিনো হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ ১২ খন জিলাৰ ৫৬ হাজাৰৰো অধিক লোক বানৰ কবলত পৰিছে। গোৱালপাৰা, লখিমপুৰ, গহপুৰ, নগাঁৱৰ কামপুৰ, পশ্চিম কাৰ্বি আংলং, তিনিচুকীয়া আৰু ডিব্ৰুগড়ৰ বহু অঞ্চল প্লাবিত হৈ পৰিছে। গৃহমন্ত্রী অমিত শ্বাহে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাৰ সৈতে ফোনযোগে বার্তালাপ কৰি ৰাজ্যৰ বান পৰিস্থিতি সন্দৰ্ভত বুজ লয়। গৃহমন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ সকলো ধৰণৰ সহায়ৰ আশ্বাস প্ৰদান কৰিছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমযোগে প্রকাশ কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ বিষয়েও অৱগত কৰে। তিনিচুকীয়া জিলাৰ অৰুণাচল সীমান্তৱৰ্তী নামনি দিবাং জিলাৰ বোমজিৰ নৈৰ বাঢ়নি পানীৰ মাজত আবদ্ধ হৈ পৰা ১৪ জন লোকক আজি হেলিকপ্টাৰৰ জৰিয়তে সুকলমে উদ্ধাৰ কৰা হয়। উদ্ধাৰ কৰা লোক কেইজনৰ ১৩ জনে তিনিচুকীয়া জিলাৰ। তিনিচুকীয়া জিলা আয়ুক্ত স্বপ্নীল পালে এটা সংকটকালীন ফোন পোৱাৰ পাছতে কালি নিশাই এই সম্পর্কে অসম দুৰ্যোগ ব্যৱস্থাপনা প্রাধীকৰণ, বায়ু সেনা বিভাগৰ সহায় বিচৰাৰ লগতে অৰুণাচলৰ নামনি দিবাং জিলাৰ প্ৰশাসনকো সষ্টম কৰি তোলে। আজি পুৱাৰ ভাগতে বায়ু সেনা বাহিনীয়ে উদ্ধাৰ অভিযান চলাই আটাইকে উদ্ধাৰ কৰে৷ লখিমপুৰ জিলা আয়ুক্তই জিলাখনৰ বান পীড়িত পোতাবিল, পাঁচনৈ আৰু কয়লামাৰি অঞ্চলৰ বান পৰিস্থিতি পৰিদৰ্শন কৰে। আয়ুক্তগৰাকীয়ে লগতে বান পীড়িতসকলক সাহায্য বিতৰণৰ বাবে স্থাপন কৰা কেন্দ্ৰসমূহ পৰিদৰ্শন কৰি ব্যৱস্থাৰ বুজ লয়। কালি লখিমপুৰৰ অভিভাৱক মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে জিলাখনৰ বানে ছিঙা মথাউৰি পৰিদৰ্শন কৰিছিল। কালি বিয়লিৰে পৰা বৃদ্ধি হৈ থকা ব্ৰহ্মপুত্ৰৰ পানীয়ে আজি পুৱাই শিৱসাগৰৰ কোঁৱৰপুৰ মৌজাৰ মামল গড়ভঙাত ব্ৰহ্মপুত্ৰৰ এখন শ্লুইছ গেট ভাঙি নিয়ে। শ্লুইছ গেটখন ভাগি যোৱাৰ ফলত কোঁৱৰপুৰৰ জনবসতিপূর্ণ এলেকা প্লাবিত হৈ পৰিছে। ব্ৰহ্মপুত্ৰৰ জলস্তৰৰ উচ্চতা বৃদ্ধি হোৱাৰ বাবে যোৰহাট আৰু মাজুলীৰ মাজৰ ফেৰীসেৱা পৰৱৰ্তী জাননী নিদিয়ালৈকে স্থগিত ৰখা গৈছে। সকলোকে সাৱধানতা অৱলম্বন কৰিবলৈ অনুৰোধ জনোৱাৰ লগতে যিকোনো সহায়ৰ বাবে জিলা জৰুৰীকালীন অভিযান কেন্দ্ৰক জনাবলৈ যোৰহাট জিলা প্ৰশাসনে অনুৰোধ জনাইছে।
Site Admin | June 1, 2025 7:10 PM | Assam Flood 2025
নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ ১২ খন জিলা লোক বানৰ কবলত
