ডাউনলোড
মোবাইল এপ

android apple
signal

August 12, 2024 11:31 AM

printer

নেৰানেপেৰা বৰষুণৰ ফলত ৰাজস্থানত ২২জন লোকৰ মৃত্যু

ৰাজস্থানৰ বিভিন্ন অংশত যোৱা শনিবাৰৰ পৰা হোৱা নেৰানেপেৰা বৰষুণৰ ফলত কমেও ২২ জন লোকৰ মৃত্যু হৈছে। প্ৰৱল বৰষুণৰ ফলত কালি ৰাজ্যখনৰ জয়পুৰ, কাৰৌলী, ছাৱাই মধুপুৰ আৰু দৌছাৰ বাটপথসমূহ পানীত বুৰ যায়। কৰ্তৃপক্ষই এই অঞ্চলকেইটাৰ লগতে গংগাপুৰ আৰু ভাৰতপুৰ জিলাৰ সকলো চৰকাৰী আৰু ব্যক্তিগত বিদ্যালয়সমূহ আজি বন্ধ ঘোষণা কৰিছে। ৰাজস্থানৰ মুখ্যমন্ত্ৰী ভজনলাল শৰ্মাই জয়পুৰত জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এখন মিলিত হৈ পৰিস্থিতিৰ বুজ লয়। তেওঁ বিষয়াসকলক বৰষুণৰ ফলত ক্ষতিগ্ৰস্ত অঞ্চলসমূহত সাহায্য কার্যসূচী তীব্ৰতৰ কৰি তোলাৰ লগতে অনাগত দিনকেইটাত বতৰ বিজ্ঞান বিভাগৰ আগলি বতৰা অনুসৰি যাৱতীয় ব্যৱস্থা ল’বলৈ আহ্বান জনায়। বতৰ বিজ্ঞান বিভাগে ৰাজ্যখনৰ ৭ খন জিলাত আজি প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰি সতৰ্কতা জাৰি কৰিছে।