নেৰানেপেৰা বৰষুণৰ ফলত দক্ষিণ শালমাৰাৰ মানকাচাৰত কৃত্রিম বানৰ সৃষ্টি

ৰাজ্যত কেইবাদিনো ধৰি অব্যাহত থকা নেৰানেপেৰা বৰষুণৰ ফলত দক্ষিণ শালমাৰা জিলাৰ মানকাচাৰত কৃত্রিম বানৰ সৃষ্টি হৈছে। মেঘালয়ৰ পৰা নামি অহা পানীৰ ঢলে কালাপানী-দিয়াৰা আৰু কালাপানী বাঘাপাৰা সংযোগী লোক নিৰ্মাণ বিভাগৰ পথৰ বিস্তৰ ক্ষতি-সাধন হৈছে।