ডাউনলোড
মোবাইল এপ

android apple
signal

July 9, 2025 7:46 PM | Assam Flood

printer

নেৰানেপেৰা বৰষুণৰ ফলত গোলাঘাটৰ ধনশিৰি নৈৰ জলপৃষ্ঠ বৃদ্ধি

নাগালেণ্ডত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত গোলাঘাট জিলাৰ ধনশিৰি নৈৰ জলপৃষ্ঠ বৃদ্ধি পোৱাত জিলাখনৰ ৫ খন ৰাজহ চক্ৰ বানৰ কবলত পৰিছে। সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসন আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ লগতে আন আন বিভাগসমূহে সন্মিলিত প্রচেষ্টাৰে তৎপপৰতা অৱলম্বন কৰিছে। জিলাখনৰ বিভিন্ন স্থানত মুঠ ৩৩ টা সাহায্য শিবিৰ স্থাপন কৰি জিলা প্ৰশাসনে বন্যার্তলৈ সহায়ৰ হাত আগবঢ়াইছে। মৰঙি ৰাজহ চক্ৰৰ অধীনৰ মুঠ ২৪ খন গাঁৱৰ প্ৰায় ছহেজাৰ লোক বানৰ কবলত পৰিছে। বোকাখাট ৰাজহ চক্ৰৰ মুঠ ৯ খন গাঁৱৰ ৮ সহস্ৰাধিক লোক বানৰ কবলত পৰাৰ বিপৰীতে খুমতাই ৰাজহ চক্ৰৰ অধীনৰ ৩০ খন গাঁও বানত ক্ষতিগ্ৰস্ত হৈছে। সেইদৰে গোলাঘাট ৰাজহ চক্ৰৰ মুঠ ২৩ খন গাঁৱৰ প্ৰায় দুহেজাৰ লোক এই বানৰ কবলত পৰিছে। আজিৰ দিনটোত বোকাখাট আৰু সৰুপথাৰ ৰাজহ চক্ৰৰ দুগৰাকী লোক বানত মৃত্যু হোৱাৰ খবৰ আহিছে। মৰঙিত বাহৰ পাতি থকা যোৰহাটৰ এন ডি আৰ এফৰ এটা দলে এছ ডি আৰ এফৰ সহযোগত উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। বানপীড়িত লোকসকল যাতে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয়, তাৰ বাবে জিলা প্ৰশাসনে বিহিত ব্যৱস্থা গ্ৰহণ কৰিছে।
মৰঙিত ধনশিৰি নৈৰ বাঢ়নি পানীয়ে এখন কাঠৰ দলং উটুৱাই নিয়ে। ৩ নম্বৰ ভোলাগুৰি আৰু ৩৯ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সাৰৰ গাওঁ সংযোগী এই দলংখন উটুৱাই নিয়াত ভোলাগুৰি অঞ্চলত বহু লোক বানত আৱদ্ধ হৈ পৰিছে।
ইপিনে, কিছুদিন ধৰি হোৱা ধাৰাষাৰ বৰষুণৰ ফলত হোজাই জিলাত বান পৰিস্থিতি জটিল হৈ পৰিছে। যমুনা নৈৰ বাঢ়নি পানীয়ে ডবকা আৰু যমুনামুখৰ কিছু অংশ পুনৰ বুৰাই পেলাইছে। বানৰ ফলত অঞ্চলটোৰ ৪ শতাধিক পৰিয়াল আবদ্ধ হৈ পৰা বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিয়ে।
8 হোজাই জিলা প্ৰশাসনৰ ফালৰ পৰা উদ্ধাৰ অভিযান চলোৱাৰ লগতে বান সাহায্য প্ৰদান কৰি থকা বুলিও সংবাদদাতাই জানিবলৈ দিয়ে।

অধিক পঢ়ক

সকলো চাওক