নেৰানেপেৰা বৰষুণৰ ফলত গোলাঘাট জিলাৰ ধনশিৰি নৈৰ জলপৃষ্ঠ বৃদ্ধি

গোলাঘাট জিলাৰ বিভিন্ন স্থানত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ধনশিৰি নৈৰ জলপৃষ্ঠ ক্ৰমাৎ বাঢ়ি অহা পৰিলক্ষিত হৈছে। ধনশিৰি নৈৰ বাঢ়নি পানীয়ে ইতিমধ্যে সৰুপথাৰ, বৰপথাৰ, নুমলিগড়, খুমতাই, মৰঙি আদি অঞ্চলৰ দুকুৰিৰো অধিক গাওঁ প্লাৱিত কৰিছে। সৰুপথাৰ সমজিলাৰ অন্তৰ্গত নাওজান কৈৰী গাঁও, চেৱাগুৰি, শিঙিমাৰী, শিমলুচাপৰি আদি অঞ্চল বানে প্লাৱিত কৰাৰ ফলত ৰাইজে ঘৰ এৰি মথাউৰিত আশ্ৰয় ল’বলগীয়া হৈছে। বানাক্রান্ত লোকসকলে ইতিমধ্যে জিলা প্রশাসনে ব্যৱস্থা কৰি দিয়া শিবিৰত আশ্রয় গ্রহণ কৰাৰ লগতে পশুধন সমূহকো নিৰাপদ স্থানলৈ স্থানান্তৰিত কৰিছে। ইফালে খুমতাই বিধানসভা সমষ্টিৰ মৰঙি ৰাজহ চক্ৰৰ অধীনত কুৰিখনৰো অধিক গাওঁত ধনশিৰি নৈৰ বাঢ়নি পানীয়ে আতংকৰ সৃষ্টি কৰিছে। ধনশিৰি নৈৰ দাতিকাষৰীয়া ম‍ইনাপাৰা, কাঠকটীয়া, কুৰুকা, শালমৰা গ্ৰাণ্ট, ঢুলিয়াগাওঁ, দুখুতিমুখ, তিনি নম্বৰ ভোলাগুৰি, কৈৱর্তগাওঁ, চেচামুখ, কৰদৈগুৰি, কেন্দুগুৰি আদি গাঁৱত বৃদ্ধি হোৱা ধনশিৰি নৈৰ বাঢ়নি পানীয়ে পথ আৰু ঘৰৰ ভেটি বুৰাই পেলাইছে। ইয়াৰ উপৰি শালি খেতিৰ লগতে বিভিন্ন শাক পাচলিৰ খেতি বাঢ়নি পানীয়ে বুৰাই পেলোৱাত কৃষক ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। জিলা প্ৰশাসনৰ তৰফৰ পৰা উদ্ধাৰ অভিযান অব্যাহত আছে বুলি আমাৰ গোলাঘাটৰ সংবাদদাতাই জনাইছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।