নেশ্যনেল কনফাৰেন্স দলৰ নৱনিৰ্বাচিত তিনিজন ৰাজ্যসভাৰ সদস্যই অহা ১ ডিচেম্বৰত সংসদৰ শীতকালীন অধিবেশনৰ আৰম্ভণিৰ দিনাই শপত গ্রহণ কৰিব। আকাশবাণী জম্মু সংবাদদাতাই জনোৱা মতে উপ-ৰাষ্ট্ৰপতি তথা ৰাজ্যসভাৰ সভাপতি চি পি ৰাধাকৃষ্ণণে নেশানেল কনফাৰেন্স দলৰ ছামি অবেৰয়, ছাজাদ আহমেদ কিন্তু আৰু চৌধৰী মহম্মদ ৰমজানক শপত বাক্য পাঠ কৰোৱাব। প্রায় ৫ বছৰ মূৰত জম্মু-কাশ্মীৰৰ পৰা কোনো সাংসদে ৰাজ্যসভাত প্রতিনিধিত্ব কৰিব। জম্মু-কাশ্মীৰত ২০১৯ চনৰ ৩৭০ নম্বৰ অনুচ্ছেদ বাতিল কৰাৰ পাছত যোৱা মাহত কেন্দ্রীয় শাসিত অঞ্চলটোত ৰাজ্যসভা নির্বাচন অনুষ্ঠিত হৈছিল। চাৰিখন আসনৰ বাবে অনুষ্ঠিত হোৱা এই নির্বাচনত নেশ্যনেল কনফাৰেন্স দলে তিনিখন আৰু বিজেপিয়ে এখন আসন লাভ কৰিছিল। জম্মু-কাশ্মীৰৰ পূৰ্বৰ ৰাজ্যসভাৰ সদস্যসকলে ২০২১ চনৰ ২ ফেব্ৰুৱাৰীত তেওঁলোকৰ ছবছৰীয়া কার্যকাল সম্পূর্ণ কৰে।
Site Admin | November 26, 2025 9:15 PM | Jammu and Kashmir New RajySahbha MP oath ceremony
নেশ্যনেল কনফাৰেন্স দলৰ নৱনিৰ্বাচিত তিনিজন ৰাজ্যসভাৰ সদস্যই ১ ডিচেম্বৰত সংসদৰ শীতকালীন অধিবেশনত শপত গ্রহণ কৰিব