নেপালৰ বৈদেশিক মন্ত্ৰী ড০ আর্জু ৰাণা দেউবা পাঁচদিনীয়া ভাৰত ভ্ৰমণসূচীৰে নতুন দিল্লীত উপস্থিত

নেপালৰ বৈদেশিক মন্ত্ৰী ড০ আর্জু ৰাণা দেউবাই আজি আবেলি পাঁচদিনীয়া ভাৰত ভ্ৰমণসূচীৰে নতুন দিল্লীত উপস্থিত হয়। এই ভ্ৰমণকালত তেওঁ কাইলৈ বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী ড০ এছ জয়শংকৰৰ সৈতে বৈঠকত মিলিত হ’ব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ে এটা বিবৃতিযোগে প্ৰকাশ কৰা অনুসৰি ভাৰত আৰু  নেপালৰ মাজত নিয়মীয়া উচ্চ পৰ্যায়ৰ বিনিময় পৰম্পৰাৰ সৈতে সংগতি ৰাখি দেউবাই ভাৰত ভ্ৰমণ কৰিছে। মন্ত্ৰ্যালয়ে প্রকাশ কৰে যে, ভাৰতৰ চুবুৰীয়া প্ৰথম নীতিত নেপাল উল্লেখযোগ্য মিত্ৰদেশ। এই ভ্রমণে দুয়োপক্ষক দ্বিপাক্ষিক সহযোগিতাৰ অগ্ৰগতিৰ বিষয়ে আলোচনা আৰু পৰ্যালোচনা কৰাৰ সুযোগ প্ৰদান কৰিব বুলিও বিবৃতিটোত উল্লেখ কৰা হয় ৷

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।