যোৱা ৮ ছেপ্তেম্বৰৰ পৰা নেপালৰ নৱপ্ৰজন্মই আৰম্ভ কৰা চৰকাৰবিৰোধী বিক্ষোভ আজি তৃতীয় দিনা ভালেখিনি শাম কাটিছে। নেপালৰ সেনাবাহিনীয়ে ইতিমধ্যে বিভিন্ন স্থানৰ পৰা লুট কৰা ৩৩ লাখ ৭০ হাজাৰৰো অধিক টকা জব্দ কৰাৰ লগতে লুটপাত কৰা ভালেমান অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰিছে। তদুপৰি দাদেলধোৰাৰ কাৰাগাৰৰ পৰা পলায়ন কৰা ২৬জন কয়দীক পুনৰ গ্ৰেপ্তাৰ কৰা হৈছে। সেনাবাহিনীয়ে দেশখনৰ আইন-শৃংখলা ৰক্ষাৰ দায়িত্ব লোৱাৰ পাছত পৰিস্থিতিৰ উন্নতি ঘটিছে যদিও দেশখনৰ প্ৰধানমন্ত্রী আৰু ৰাষ্ট্ৰপতিৰ পদত্যাগৰ পাছত সৃষ্টি হোৱা অস্থিৰতা অব্যাহত আছে। সেনাবাহিনীয়ে হিংসাত্মক কার্যকলাপত জড়িত ২৭জন লোকক আটক কৰিছে। কাঠমাণ্ডুৰ ত্ৰিভূৱন আন্তর্জাতিক বিমান বন্দৰ আজি পুনৰ মুকলি কৰা হৈছে। যোৱা দুদিনৰ হিংসাত্মক ঘটনাত নিহতৰ সংখ্যা ২৫জনলৈ বৃদ্ধি পাইছে আৰু প্ৰায় ৬০০ লোক আহত হৈছে।
নেপাল চৰকাৰৰ মুখ্য সচিব একনাৰায়ণ আৰিয়ালে আজি উচ্চপদস্থ বিষয়াসকলৰ সৈতে দেশখনৰ সাম্প্ৰতিক পৰিস্থিতিৰ পৰ্যালোচনা কৰে। সংবাদ সংস্থাৰ বাতৰি অনুসৰি প্ৰতিবাদকাৰীসকলে নেপালৰ উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ সুশীলা কাৰ্কীৰ নাম দেশখনৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰববী হিচাপে প্ৰস্তাৱ কৰিছে।
Site Admin | September 10, 2025 7:46 PM | nepal situation
নেপালৰ নৱপ্ৰজন্মই আৰম্ভ কৰা চৰকাৰবিৰোধী বিক্ষোভৰ আজি তৃতীয় দিন
