নেপালৰ নৱ-নিৰ্বাচিত প্রধানমন্ত্রী সুশীলা কাৰ্কিয়ে তেওঁৰ অন্তৱৰ্তীকালীন চৰকাৰখনৰ বাবে ৫ গৰাকী নতুন মন্ত্ৰীৰ নাম ঘোষণা কৰিছে। দেশখনৰ সৰ্বোচ্চ ন্যায়ালয়ৰ ভূতপূর্ব ন্যায়াধীশ অনিল কুমাৰ সিন্হাক উদ্যোগ, বাণিজ্য আৰু যোগান, আইন আৰু ন্যায় দপ্তৰৰ লগতে ভূমি সংস্কাৰ, সমবায় আৰু দাৰিদ্র্য দূৰীকৰণ দপ্তৰৰ দায়িত্ব অর্পণ কৰা হ’ব। দেশখনৰ শিক্ষা খণ্ডৰ সৈতে জড়িত এগৰাকী আগশাৰীৰ ব্যক্তি মহাবীৰ পুণক শিক্ষা দপ্তৰৰ লগতে বিজ্ঞান আৰু প্ৰযুক্তি দপ্তৰৰ মন্ত্ৰী হিচাপে নিযুক্তি দিয়া হ’ব। উল্লেখযোগ্য যে শ্রীপুণ হৈছে ৰামন মেগ্ছেছে বঁটাৰে সন্মানিত এগৰাকী শিক্ষাবিদ। কৃষিখণ্ডৰ বিশেষজ্ঞ মদন প্ৰসাদ পাৰিয়াৰক দেশখনৰ কৃষিমন্ত্রী পদত অধিষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হৈছে। জলবায়ু আৰু কৃষিক্ষেত্ৰৰ বিশেষজ্ঞ হিচাপে সু-পৰিচিত পাৰিয়াৰে অলাভজনক সংস্থা সমতা ফাউণ্ডেচনৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰি থকাৰ লগতে দেশখনৰ এখন উচ্চ পৰ্যায়ৰ পুনৰ গঠন আয়োগৰ সমন্বয়ক হিচাপেও দায়িত্ব পালন কৰিছিল । শ্ৰীলংকাৰ এগৰাকী আগশাৰীৰ সাংবাদিক জগদীশ খাণ্ডেলক দেশখনৰ তথ্য আৰু যোগাযোগ দপ্তৰৰ মন্ত্ৰী হিচাপে নিযুক্তি দিয়া হ’ব। আনহাতে, পূৰ্বৰ শ্ৰীলংকা চৰকাৰৰ স্বাস্থ্য মন্ত্ৰ্যালয়ত অতিৰিক্ত সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰা সংগীতা মিশ্ৰক ৰাষ্ট্ৰপতি ৰামচন্দ্ৰ পৌড়েলে নতুন চৰকাৰৰ স্বাস্থ্য মন্ত্ৰী হিচাপে নিযুক্তি দিব। উল্লেখযোগ্য যে দেশখনৰ অন্তৱৰ্তীকালীন চৰকাৰখনত ইতিপূর্বে তিনিগৰাকী মন্ত্ৰীক দায়িত্ব অর্পণ কৰা হৈছে। সেই অনুসৰি ৰামেছ’ৰ খনালে বিত্ত মন্ত্ৰী হিচাপে, কুলমান ঘিচিঙে শক্তি, জলসম্পদ আৰু জলসিঞ্চন দপ্তৰৰ মন্ত্ৰী হিচাপে আৰু ওম প্রকাশ আৰিয়ালে গৃহ দপ্তৰৰ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।
Site Admin | September 22, 2025 7:18 PM | Akashvani | Akashvani Guwahati | Nepal | Sushila Karki
নেপালৰ অন্তৱৰ্তীকালীন চৰকাৰখনৰ বাবে ৫ গৰাকী নতুন মন্ত্ৰীৰ নাম ঘোষণা প্রধানমন্ত্রী সুশীলা কাৰ্কিৰ