ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

নেপালত প্রাক্তন মুখ্য ন্যায়াধীশ সুশীলা কার্তিকক অন্তৱৰ্তী প্রধানমন্ত্ৰী পদৰ বাবে মনোনীত প্ৰতিবাদী প্ৰতিনিধিবর্গৰ

■ নেপালত চলি থকা ৰাজনৈতিক অচলাৱস্থাৰ মাজতে ৰাষ্ট্ৰপতি ৰামচন্দ্ৰ প’ডেল, দেশখনৰ স্থল সেনা বাহিনীৰ মুৰব্বী অশোক ৰাজ ছিগডেল আৰু যুৱ প্ৰতিবাদকাৰীৰ প্ৰতিনিধিবর্গৰ সৈতে আজি অন্তৱৰ্তী চৰকাৰৰ নেতৃত্বৰ বিষয়টো লৈ আলোচনা অনুষ্ঠিত হ’ব। যুৱ প্ৰতিবাদকাৰীৰ প্ৰতিনিধিবর্গই প্রাক্তন মুখ্য ন্যায়াধীশ সুশীলা কার্তিক অন্তৱৰ্তী প্রধানমন্ত্ৰী পদৰ বাবে মনোনীত কৰিছে।
নেপালত সেনা বাহিনীৰ সৈতে যুৱ প্ৰতিবাদকাৰীৰ আলোচনাত প্ৰত্যক্ষভাৱে নিৰ্বাচিত কার্যপালিকা, যুৱ প্ৰজন্মক অন্তৰ্ভুক্ত কৰাৰ বাবে যুক্তৰাষ্ট্ৰীয় সংসদীয় নির্বাচন, ২০৪৬ বিক্রম সম্বত অর্থাৎ ১৯৮৯ খ্ৰীষ্টাব্দত ৰাজহুৱা পদত অধিষ্ঠিত সকলো বিষয়াৰ সম্পত্তিৰ তদন্তৰ লেখীয়া ভালেমান বিষয়ে স্থান লাভ কৰে। বৈঠকত দুৰ্নীতিৰ গোচৰসমূহৰ ন্যায়িক তদন্ত আৰু সাংসদসকলক মন্ত্ৰী হোৱাৰ পৰা বাৰণ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণকে ধৰি আন ভালেমান বিষয় লৈ আলোচনা কৰা হয় ৷
ইপিনে, চি পি এন মাওবাদীৰ সভাপতি তথা প্রাক্তন প্রধানমন্ত্রী পুষ্প কমল দাহাল প্রচণ্ডই যুৱ প্ৰজন্মৰ নেতৃত্বত চলি থকা আন্দোলন সন্দৰ্ভত দলৰ আনুষ্ঠানিক স্থিতি সন্দৰ্ভত ১০ দফীয়া বিশদ প্ৰেছ বিজ্ঞপ্তি জাৰি কৰিছে। এই বিজ্ঞপ্তিত আন্দোলনৰ প্ৰতি সংহতি প্রকাশ কৰি সংযম বৰ্তাই ৰাখিবলৈ আৰু হিংসাত্মক ঘটনাৰ স্বতন্ত্র ন্যায়িক তদন্তৰ বাবে আহ্বান জনোৱা হৈছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।