ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

October 5, 2025 8:35 PM | Nepal Flood

printer

নেপালত ধাৰাষাৰ বৰষুণৰ ফলত হোৱা ভূমিস্খলন আৰু বানত ৪৭ জন লোকৰ মৃত্যু

নেপালত পৰহিৰে পৰা হৈ থকা ধাৰাষাৰ বৰষুণৰ ফলত হোৱা ভূমিস্খলন আৰু বানত ৪৭ জন লোকৰ মৃত্যু হৈছে বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে। ভূমিস্খলনত আটাইতকৈ বেছি ক্ষতিগ্রস্ত হোৱা ইল্লাম জিলাত কমেও ৩৭ জন লোকৰ মৃত্যু হৈছে। দেশখনৰ ৰাষ্ট্ৰীয় দুৰ্য্যোগ হ্রাস আৰু ব্যৱস্থাপনা কর্তৃপক্ষৰ মুখপাত্রই নিরুদ্দেশ হোৱা লোকসকলৰ উদ্ধাৰৰ প্ৰচেষ্টা অব্যাহত আছে বুলি জানিবলৈ দিছে। কাঠমাণ্ডু বিমান বন্দৰত ঘৰুৱা বিমানৰ চলাচল কিছু ক্ষেত্রত বাধাগ্রস্ত হৈছে যদিও আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা স্বাভাবিকভাবেই চলি আছে বুলি বিমান বন্দৰ কৰ্তৃপক্ষই প্রকাশ কৰিছে। নেপালৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ বিষয়াসকলে কাইলৈ পৰ্য্যন্ত বৰষুণ হৈ থাকিব পাৰে বুলি প্ৰকাশ কৰাৰ লগতে এই দুর্য্যোগত বিপর্য্যন্তসকলক সহায় কৰিবলৈ প্রচেষ্টা অব্যাহত আছে বুলি জানিবলৈ দিছে।

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে নেপালত ধাৰাষাৰ বৰষুণৰ ফলত হোৱা ক্ষতি-ক্ষতি অত্যন্ত দুখজনক বুলি মন্তব্য কৰে। সামাজিক মাধ্যমৰ এটা বার্তাযোগে শ্রীমোদীয়ে কয়, যে এই কঠিন সময়ত ভাৰত নেপালৰ জনসাধাৰণ আৰু চৰকাৰৰ কাষত আছে। প্রতিবেশী ৰাষ্ট্ৰ হিচাপে ভাৰতে প্রয়োজনীয় সকলো সহায় আগবঢ়াবলৈ প্রস্তুত বুলি প্রধানমন্ত্রীয়ে প্রকাশ কৰে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।