ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

নেডাৰলেণ্ডছৰ ৰাজধানী দ্যা হেগত উপস্থিত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰ

ইউৰোপত ত্ৰিদেশীয় ভ্রমণসূচীৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰ আজি নেডাৰলেণ্ডছৰ ৰাজধানী দ্যা হেগত উপস্থিত হৈছে। মন্ত্ৰীগৰাকীক নেডাৰলেণ্ডছত থকা ভাৰতৰ ৰাষ্ট্রদূত কে আৰ টুহিন আৰু দেশখনৰ পৰৰাষ্ট্ৰ কাৰ্যালয়ৰ সঞ্চালক গেব্রিয়েলা চানচিচিয়ে আদৰণি জনায়। আজি পুৱা ড০ জয়শংকৰ নেডাৰলেণ্ডছৰ ৰাজধানী দ্যা হেগত দেশখনৰ প্ৰতিৰক্ষা বিশেষজ্ঞসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। সামাজিক মাধ্যমৰ এটা পোষ্টযোগে ড০ জয়শংকৰে কয়, যে বৰ্তমান একক শক্তিৰে বলীয়ান বিশ্বত একোখন ৰাষ্ট্ৰই কিদৰে কৌশলগত স্বতন্ত্ৰতা বৰ্তাই ৰাখিব পাৰে সেই সন্দৰ্ভত নেডাৰলেণ্ডছ আৰু ইউৰোপীয় ইউনিয়নে ভাৰতৰ সৈতে অধিক ঘণিষ্ঠ আলোচনাত মিলিত হোৱাৰ আৱশ্যকতা আছে।
৬ দিনীয়া ভ্ৰমণসূচীৰে ৰাওনা হোৱা বিদেশমন্ত্ৰীগৰাকীয়ে ডেনমাৰ্ক আৰু জাৰ্মানীলৈও যাব। ড০ জয়শংকৰে তিনিওখন ৰাষ্ট্ৰৰে নেতৃবৰ্গক সাক্ষাৎ কৰাৰ লগতে দেশকেইখনৰ বিদেশ মন্ত্ৰীসকলৰ সৈতে দ্বিপাক্ষিক স্বার্থজড়িত বিভিন্ন আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় বিষয়ৰ লগতে দ্বিপাক্ষিক সম্পর্ক অধিক উন্নত কৰাৰ উদ্দেশ্যে কেইবালানি আলোচনাত মিলিত হ’ব।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।