নেট গ্রীড সমাধান ব্যৱহাৰত শীৰ্ষ প্ৰদৰ্শনকাৰী ৰাজ্যসমূহৰ অন্যতম ৰূপে পৰিগণিত অসম

● অসমে যোৱা জানুৱাৰীৰ পৰা জুনৰ ভিতৰত চোৰাংচোৱা তথ্য আহৰণৰ উদ্দেশ্যে নেট গ্রীড সমাধান ব্যৱহাৰত শীৰ্ষ প্ৰদৰ্শনকাৰী ৰাজ্যসমূহৰ অন্যতম ৰূপে পৰিগণিত হৈছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰে। তেওঁ লগতে এই সাফল্যৰ বাবে অসম আৰক্ষীক অভিনন্দন জ্ঞাপন কৰে।