ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

নেচনেল ইনষ্টিটিউট অৱ ফাৰ্মাচিউটিকেল এড্যুকেচন এণ্ড ৰিচাৰ্চ– নাইপাৰে গুৱাহাটীত চিকিৎসা সঁজুলিৰ এবছৰীয়া স্নাতকোত্তৰ ডিপ্ল’মা পাঠ্যক্ৰম আৰম্ভ কৰিব

নেচনেল ইনষ্টিটিউট অৱ ফাৰ্মাচিউটিকেল এড্যুকেচন এণ্ড ৰিচাৰ্চ– নাইপাৰে গুৱাহাটীত চিকিৎসা সঁজুলিৰ এটা এবছৰীয়া স্নাতকোত্তৰ ডিপ্ল’মা পাঠ্যক্ৰম আৰম্ভ কৰিব। নাইপাৰৰ অধ্যাপক সুৰক্ষিত বৰাই এখন সংবাদমেলযোগে এই বিষয়ে ঘোষণা কৰে।
শৈক্ষিক প্রতিষ্ঠানখনে ভাৰত চৰকাৰৰ ৰাসায়নিক আৰু সাৰ মন্ত্ৰ্যালয়ৰ ফাৰ্মাচিউটিকেল বিভাগৰ অধীনত ২০২৫-২৬ বৰ্ষৰ পৰা এই পাঠ্যক্ৰম আৰম্ভ কৰিব। এই পাঠ্যক্ৰমে বিশেষকৈ উত্তৰ-পূবৰ শিক্ষার্থীসকলক চিকিৎসা সঁজুলিৰ ক্ষেত্ৰত উন্নত শিক্ষা আৰু গৱেষণাৰ পথ অন্বেষণ কৰাৰ সুযোগ দিব। উত্তৰ-পূৰ্বাঞ্চলত প্ৰথমবাৰৰ বাবে এই পাঠ্যক্ৰম আৰম্ভ হ’ব। ১৫ খন আসন থকা এই এবছৰীয়া পাঠ্যক্ৰমৰ বাবে প্ৰৱেশ পৰীক্ষা দিব লাগিব। অহা ছেপ্তেম্বৰত প্ৰৱেশ পৰীক্ষা অনুষ্ঠিত হোৱাৰ পাছত অক্টোবৰত এই ডিপ্ল’মা পাঠ্যক্ৰম আৰম্ভ হ’ব। প্ৰতিবছৰে এই ডিপ্ল’মা পাঠ্যক্ৰমৰ বাবে নাইপাৰ গুৱাহাটীত প্ৰৱেশ পৰীক্ষা অনুষ্ঠিত হ’ব। আই আই টি গুৱাহাটী আৰু এইমছ গুৱাহাটীৰ সহযোগত নাইপাৰ গুৱাহাটীত এই ডিপ্ল’মা পাঠ্যক্ৰম আৰম্ভ কৰা হৈছে।